গুৱাহাটী, ২০ মাৰ্চ, ২০২৪ : মুখ্য ৰে’লৱে সুৰক্ষা আয়ুক্ত (চিচিআৰএছ) জনক কুমাৰ গাৰ্গে বুধবাৰে বাইহাটা আৰু চাংসাৰী ষ্টেচনৰ মাজত নতুনকৈ স্থাপন কৰা দ্বৈত ৰে’লপখ খণ্ডৰ বিধিসন্মত পৰিদৰ্শন সম্পূৰ্ণ কৰে। এই পৰিদৰ্শনৰ মৌলিক উদ্দেশ্য আছিল খণ্ডটোৰ সমগ্ৰ ৰে’লৱে আন্তঃগাঁথনিৰ (Railway Infrastructure) সুৰক্ষা আৰু দক্ষতা নিশ্চিত কৰা। এই নতুনকৈ স্থাপন কৰা দ্বিতীয় ৰে’লপথটো এই পথৰ মাজেৰে অধিক মালবাহী আৰু যাত্ৰীবাহী পৰিবহন কৰাৰ বাবে সহায়ক হ’ব।

ৰঙিয়া হৈ নিউ বঙাইগাঁও-আগিয়াঠুৰীৰ অংশ হিচাপে বাইহাটা-চাংসাৰি খণ্ডৰ কাম চলি আছে। প্ৰকল্পটোত ৭৫ খন বৃহৎ সেঁতু, ৩৮ খন সৰু সেঁতু আৰু ১৯ টা নতুন ষ্টেচন ভৱনৰ নিৰ্মাণ অন্তৰ্ভুক্ত আছে। বাইহাটাৰ পৰা চাংসাৰিৰ মাজৰ অংশ ১০.১৫ কিলোমিটাৰ। খণ্ডটোত ৩ খন সৰু আৰু ৩ খন বৃহৎ সেঁতু নিৰ্মাণ অন্তৰ্ভুক্ত আছে। দ্বিতীয় ৰে’লপথটো বৈদ্যুতিকৰণৰ সৈতে মুকলি কৰা হয়। মুখ্য ৰে’লৱে সুৰক্ষা আয়ুক্ত (চিচিআৰএছ) উক্ত খণ্ডটোত ৰে’লৱে ট্ৰেক ফিটিংছ, পি-ৱে সম্পদ, ইলেক্ট্ৰনিক ইণ্টাৰ-লকিং, ৰিলে ৰুম, কেবিন, লেভেল ক্ৰছিং পৰিদৰ্শন কৰে।

যাত্ৰীৰ সুবিধা বৃদ্ধি কৰি, বাইহাটা আৰু চাংসাৰি উভয় ষ্টেচনত ৩ মিটাৰ বহল নতুন ফুট অভাৰ ব্ৰীজ, প্ৰতীক্ষা গৃহ আৰু যাত্ৰীৰ বাবে নতুন প্লেটফৰ্ম শ্বেড মুকলি কৰা হৈছে। বাইহাটা আৰু চাংসাৰি ষ্টেচনত ১ টাকৈ মহিলা শৌচালয়, বাইহাটাত ৩ টা পুৰুষ শৌচালয় (বিশেষভাৱে সক্ষম যাত্ৰীৰ বাবে ১) আৰু চাংসাৰিত ২ টা পুৰুষ শৌচালয়ো প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও, ষ্টেচনসমূহত যাত্ৰীসকলৰ বাবে খোৱা পানীৰ সুবিধাও প্ৰদান কৰা হৈছে। যাত্ৰীসকলৰ ৰে’লৰ পৰা উঠা আৰু নমাৰ সুগমতাৰ বাবে প্লেটফৰ্মৰ উচ্চতা বৃদ্ধি কৰা হৈছে।
নিউ বঙাইগাঁও-আগিয়াঠুৰী ভায়া ৰঙিয়া দ্বৈত ৰে’লপথ প্ৰকল্পৰ মুঠ ১৪২.৯৭ কিলোমিটাৰৰ ভিতৰত ৮১.০৬ কিলোমিটাৰ ৰে’লপথ ইতিমধ্যে মুকলি কৰা হৈছে।

ইয়াৰ পূৰ্বে নিউ বঙাইগাঁওৰ পৰা বিজনীলৈ ১৭.৫৩ কিলোমিটাৰ খণ্ড, পাঠশালা আৰু নলবাৰীৰ মাজত ২৬.৯১ কিলোমিটাৰ খণ্ড, বিজনী আৰু সৰভোগৰ মাজত ১৮.৯৯ কিলোমিটাৰ আৰু চাংসাৰিৰ পৰা আগিয়াঠুৰীলৈ ৭.৪৮ কিলোমিটাৰ খণ্ড যথাক্ৰমে ৩০ আগষ্ট, ২০২২, ২৪ মে, ১৩ জুন আৰু ২৬ ডিচেম্বৰ ২০২৩ অত মুকলি কৰা হৈছিল। লগতে বাইহাটাৰ পৰা চাংসাৰিৰ মাজত ১০.১৫ কিলোমিটাৰ ৰে’লপথ আজি মুকলি কৰা হয়। এই সমগ্ৰ খণ্ডটো সম্পূৰ্ণ হোৱাৰ পিছত, আঞ্চলিক সংযোগে এক গুৰুত্বপূৰ্ণ শ্ৰীবৃদ্ধি লাভ কৰিব।