গুৱাহাটী : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। কুখ্যাত ড্ৰাগছ মাফিয়া পাখি মিঞাৰ পুত্ৰক জালত পেলাবলৈ সক্ষম হ’ল আৰক্ষী। বৃহৎ পৰিমাণৰ মৰফিনসহ আৰক্ষীৰ জালত পৰিল পাখি মিঞাৰ পুত্ৰ আটাউৰ ৰহমান।
ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰতিদিনে ৰাজ্যজুৰি চলা অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জালত পৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ মাফিয়া আৰু ড্ৰাগছ সৰবৰাহকাৰী।
অসম আৰক্ষীৰ এই ধাৰাবাহিক সাফল্যত সংযোগ হ’ল আন এক বৃহৎ সাফল্য। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত এইবাৰ জালত পৰিছে কুখ্যাত ড্ৰাগছ মাফিয়া পাখি মিঞাৰ পুত্ৰ আটাউৰ ৰহমান। বৃহৎ পৰিমাণৰ মৰফিনসহ কুখ্যাত ড্ৰাগছ মাফিয়া পাখি মিঞাৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
সোণাপুৰৰ নাজিৰাখাটৰ টোল গেটত নাৰ্কোটিক কন্ট্ৰোল বিউৰোৱে দুখন বাহনৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ মৰফিন। মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এএছ-০১-ইভি-৮৪০১ আৰু এএছ-০৩-এইচ-৩১৯১ বাহন দুখনৰ পৰা বৃহৎ পৰিমাণৰ মৰফিনসহ পাখি মিঞাৰ পুত্ৰ আটাউৰ ৰহমানৰ লগতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।
এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই নাৰ্কোটিক কন্ট্ৰোল বিউৰোৱে এই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয়। অভিযানকাৰী দলটোৱে ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা ২৪ টা পেকেটত মৰফিন জব্দ কৰে। জব্দকৃত মৰফিনখিনিৰ বজাৰ মূল্য ১৪ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।