আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰত নিশা ভয়ংকৰ পথ দুর্ঘটনা। ১৪ চকীয়া ট্ৰাকৰ প্ৰচণ্ড খুন্দাত বাগৰি পৰে এখন যাত্ৰীবাহী নৈশ বাছ। নৈশ বাছখনৰ কেইবাজনো যাত্ৰীৰ লগতে গুৰুত্বৰভাৱে আহত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন। নৈশ বাছখনৰ অহাত যাত্ৰী সকলৰ ভিতৰত আছে শিশু। 

শুকুৰবাৰে নিশা শিৱসাগৰৰ দিচাং দলংৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং মাজগাঁৱত এখন ১৪ চকীয়া তামোল ভৰ্তি ট্ৰাক আৰু যাত্ৰীবাহী নৈশ বাছৰ মাজত হোৱা সংঘর্ষ ফলত আহত হয় কেইবাজনো লোক। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে নৈশ বাছখনৰ আহত যাত্ৰী সকলৰ ভিতৰত শিশুও আছে।

ডিব্ৰুগড়ৰ পৰা যাত্ৰী লৈ শিৱসাগৰ অভিমুখে আহি থকা এএছ-২৫-চিচি-১৭৩৩ নম্বৰ নৈশ বাছখন দিচাং মাজগাঁৱত হঠাৎ বিআৰ-০৬-জিডি-৪৩৩৬ নম্বৰৰ তামোল ভৰ্তি ১৪ চকীয়া ট্ৰাকখনৰ সন্মুখত আহি ৰাখি যোৱাত ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই নৈশ বাছখনক প্ৰচণ্ড খুন্দা মাৰে। ট্ৰাকৰ খুন্দাত নৈশ বাছখন ৰাজপথৰ ওপৰত বাগৰি পৰে।

প্ৰায় ৪০ জনকৈ যাত্ৰী লৈ শিৱসাগৰ অভিমুখে আহি থকা নৈশ বাছখনৰ কেইবাজনো যাত্ৰী আহত হোৱাৰ লগতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজন গুৰুত্বৰভাৱে অহাত হয়। স্থানীয় ৰাইজে আহত সকলক উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ট্ৰখনৰ চালক আৰু হেণ্ডিমেন জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।