আজিজ আলী

মুকালমুৱা : মুকালমুৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ অভিযানত ড্ৰাগছ সৰবৰাহকাৰীজনৰ কবলৰ পৰা জব্দ হয় ২৬ টাকৈ সন্দেহজনক ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেইনাৰ। অন্য এজন ড্ৰাগছ সৰবৰাহকাৰীৰ থানাত আহি আত্মসমৰ্পণ।

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে অধিক তীব্রতৰ কৰি তুলিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। বিগত সময়ছোৱাত ড্ৰাগছ বিৰোধী অভিযান চলাই মুকালমুৱা আৰক্ষীয়ে কেইবাটাও সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ, গ্ৰেপ্তাৰ কৰিছে কেইবাজনো সৰবৰাহকাৰীক।

বৃহস্পতিবাৰে নিশাও মুকালমুৱা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ। মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমন্ত বৰাৰ নেতৃত্বত বৰ্ণিবাৰীত আৰক্ষীৰ এটা দলে অভিযান চলাই এই সাফল্য লাভ কৰে।

এক গোপন খবৰৰ ভিত্তিত নিশাৰ ভাগত বৰ্ণিবাৰীৰ কিছমত আলী নামৰ এখন লোকৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে ২৬ টাকৈ সন্দেহজনক ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেইনাৰ জব্দ কৰাৰ লগতে কিছমত আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে।

ইফালে মুকালমুৱা আৰক্ষীয়ে বিগত কিছুদিন ধৰি সন্ধন চলাই থকা অন্য এজন ড্ৰাগছ সৰবৰাহকাৰী থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে। নিশাৰ ভাগতে নজৰুল আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। নজৰুল আলী পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ আভিযোগত আৰক্ষীৰ জালত পৰিছিল।