কৰিমগঞ্জ, ৬ ফেব্ৰুৱাৰী, ২০২৪ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ (Drugs Smuggling)। চুবুৰীয়া ৰাজ্য সমূহৰ পৰা অসমৰ মাজেৰে সৰবৰাহ হৈ আছে কোটি কোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। কৌশল সলনি কৰি ড্ৰাগছ সৰবৰাহকাৰী সকলে চলাই আছে ড্ৰাগছৰ সৰবৰাহ। আৰক্ষীৰ ড্ৰাগছ বিৰুদ্ধে অভিযানক কেৰেপ নকৰে ড্ৰাগছ সৰবৰাহকাৰী সকলে। পুনৰ এখন বাহনৰ গোপন চেম্বাৰৰ পৰা জব্দ কেইবা কোটি টকা মূল্যৰ ড্ৰাগছ।
অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। অসম আৰক্ষীৰ অভিযানত কেইবা কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ। আটক দুজন ড্ৰাগছ সৰবৰাহকাৰী। এখন বাহনত অতি কৌশলেৰে লুকুৱাই আনিছিল বুজন পৰিমাণৰ হেৰ’ইন। ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ দুজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। এখন বাহনৰ পৰা জব্দ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য কেইবা কোটি টকা বুলি জানিব পৰা গৈছে।
এই বুজন পৰিমাণৰ ড্ৰাগছখিনিৰ লগত আটক হৈছে দুজন ড্ৰাগছ সৰবৰাহকাৰী। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল। কৰিমগঞ্জত এখন বাহনৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।
বাহনখনৰ গোপন চেমৰৰ পৰা আৰক্ষীয়ে চাবোনৰ বাকচত ভৰাই অনা কেইবা কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কৰে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে এখন বাহনত তালাচী চলাই এই বুজন পৰিমাণৰ হেৰইন জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত এই বুজন পৰিমাণৰ ড্ৰাগছখিনিৰ বজাৰ মূল্য কেইবা কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা অহা বাহনখনৰ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৬১২ গ্ৰাম হেৰ’ইন। মঙলবাৰে পুৱাৰ ভাগত কৰিমগঞ্জ আৰক্ষীয়ে অভিযান চলাই এই সাফল্য লাভ কৰে।
উল্লেখ্য যে, জানুৱাৰী মাহত কৰিমগঞ্জত এখন বাহনৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল। বাহনখনৰ পৰা আৰক্ষীয়ে ৫.১ কেজি হেৰ’ইন, ৬৪ হাজাৰ নিচাযুক্ত য়াবা টেবলেট আৰু ৪ পেকেট বিদেশী চিগাৰেট জব্দ কৰিছিল। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে এখন বাহনত তালাচী চলাই এই বুজন পৰিমাণৰ হেৰ’ইন আৰু য়াবা জব্দ কৰিবলৈ সক্ষম হৈছিল। জব্দকৃত এই বুজন পৰিমাণৰ ড্ৰাগছখিনিৰ বজাৰ মূল্য ১০০ কোটি টকাতকৈও অধিক আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছিল। এই বুজন পৰিমাণৰ ড্ৰাগছৰ লগত মিজোৰামৰ তিনিজনক ড্ৰাগছ সৰবৰাহকাৰী জালত পৰিছিল।