গুৱাহাটী, ৬ ফেব্ৰুৱাৰী, ২০২৪ : এক নৃশংস হত্যাকাণ্ড। পঞ্চতাৰকাযুক্ত হোটেলত প্ৰাক্তন প্ৰেমিকক নৃশংসভাৱে হত্যা (Murder)। প্ৰেমিকাই বৰ্তমানৰ প্ৰেমিকাৰ লগত মিলি নৃশংসভাৱে হত্যা কৰিলে প্ৰাক্তন প্ৰেমিকক। হত্যা কৰি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীৰ জালত পৰে দুয়ো। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

মহানগৰী গুৱাহাটীৰ এখন পঞ্চতাৰকাযুক্ত হোটেলত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। এজন যুৱকক প্ৰাক্তন প্ৰেমিকাই বর্তমানৰ প্ৰেমিকৰ লগত মিলি নৃশংসভাৱে হানি খুচি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। হত্যাৰ বলি হোৱা যুৱকজন মহাৰাষ্ট্ৰৰ সন্দীপ সুৰেশ বুলি জানিব পৰা গৈছে। মহানগৰী গুৱাহাটীৰ জালুকবাৰীস্থিত ৰেডিছন ব্লু হোটেলৰ নৱম মহলৰ এটা কোঠাত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা।

কলকতাৰ দুই যুৱক-যুৱতীৰ বিৰুদ্ধে সন্দীপ সুৰেশ নামৰ যুৱকজনক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ উত্থাপন হোৱা যুৱতী গৰাকী সন্দীপ সুৰেশৰ প্ৰাক্তন প্ৰেমিকা বুলি জানিব পৰা গৈছে।সন্দীপ সুৰেশৰ পূৰ্বেৰ প্ৰেমিকাই বৰ্তমানৰ প্ৰেমিকৰ লগত মিলি সন্দীপ সুৰেশক গুৱাহাটীলৈ মাতি আনি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত দুই যুৱক-যুৱতীয়ে পলায়ন কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীৰ জালত পৰে।

হত্যাকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। এই চাঞ্চল্যকৰ হত্যাকাণ্ডই অসমৰ লগতে সমগ্ৰ দেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে আৰক্ষীৰ তদন্তত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তদন্ত পোহৰলৈ আহিছে যে হত্যাৰ বলি হোৱা সন্দীপ সুৰেশৰ হাতৰ আছিল প্ৰেমিকাৰ লগত অন্তৰংগ হোৱা বহু ভিডিঅ’ আৰু ফটো। উক্ত ভিডিঅ’ আৰু ফটোলৈ সন্দীপ সুৰেশ নামৰ যুৱকজনে প্ৰায়ে প্ৰেমিকাক ব্লেকমেইল কৰি আহিছিল।

অৱশেষত অতিষ্ঠ হৈ সন্দীপ সুৰেশৰ প্ৰাক্তন প্ৰেমিকাই বৰ্তমানৰ প্ৰেমিকাৰ সৈতে মিলি গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত মাতি আনি সন্দীপ সুৰেশক নৃশংসভাৱে হানি খুচি হত্যা কৰে। জানিব পৰা মতে, হত্যাৰ পূৰ্বে সন্দীপ সুৰেশক শ্লীপিং টেবলেট আৰু ভাং খুৱাই অচেতন কৰা হৈছিল। ব্লেকমেইলিং কৰাটোৱেই কাল হ’ল নেকি সন্দীপ সুৰেশৰ বাবে নে হত্যাকাণ্ডৰ আঁৰত আন কিবা কাৰণ আছে সকলো তথ্য আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব।