নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ জুন : পূৰ্বৰ শিক্ষা নীতিৰ সালসলনি কৰি নতুনকৈ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০১৯ প্ৰৱৰ্তন কৰা হৈছে ।

এইবাৰৰ শিক্ষানীতিত ৩ বছৰৰ বয়সৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ হ’ব। অৰ্থাৎ ২০০৯ ৰশিক্ষাৰ অধিকাৰ আইনক বিস্তাৰিত কৰি পূৰ্বৰ ৬ – ১৪ বছৰৰ শিক্ষাৰ্থীৰ পৰিৱৰ্তে এতিয়া ৩-১৮ বছৰৰ শিক্ষাৰ্থীক আইনৰ অধীনত সাঙুৰি লোৱাৰ প্ৰস্তাৱ।

বিলুপ্তি সাধনৰ প্ৰস্তাৱ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। পূৰ্বৰ ১০+২ ব্যৱস্থাৰ পৰিৱৰ্তে ৫+৩+৩+৪ স্কুলীয়া শিক্ষাৰ নতুন ব্যৱস্থা। নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ যোগ্যতাৰ ফলাফল ষাণ্মাসিক পদ্ধতিত নিৰূপণ কৰা হ’ব। য’ত মুঠ ৮ টা ষান্মাসিক থাকিব।

মুঠ চাৰিটা স্তৰত হ’ব স্কুলীয়া শিক্ষা ।
(ক) মৌলিক স্তৰ বা প্ৰাক্ প্ৰিপাৰেটৰী= ৫ বছৰ। য’ত প্ৰাক প্ৰাথমিক ৩ বছৰ আৰু থাকিব প্ৰথম , দ্বিতীয় শ্ৰেণী।
(খ) প্ৰিপাৰেটৰী বা প্ৰাথমিক স্তৰ= ৩ বছৰ। তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী।
(গ) মাধ্যমিক স্তৰ= ৩ বছৰ। ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণী।
(ঘ) উচ্চ স্তৰ= ৪ বছৰ। নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী।

ইয়াৰোপৰি সুকীয়া হায়াৰ ছেকেণ্ডাৰী বা জুনিয়ৰ কলেজৰ ব্যৱস্থা বিলুপ্তি সাধন হ’ব। চেকেণ্ডাৰী শিক্ষাৰ অধীনলৈ এই ব্যৱস্থা যাব ।

নতুন শিক্ষক অন্তভূক্তিৰ নূন্যতম যোগ্যতা ৪ বছৰীয়া বি,এড পাঠ্যক্ৰম । শিক্ষা অৰ্থাৎ এডুকেশ্যনৰ বাহিৰে অন্য বিষয়ত স্নাতক প্ৰাৰ্থীসকলে কৰিব লাগিব ৪ বছৰীয়া পাঠ্যক্ৰমৰ অধীনত বি,এড।ইফালে কেৱল প্ৰতিষ্ঠিত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়তহে উপলব্ধ হ’ব ৪ বছৰীয়া বি, এড পাঠ্যক্ৰম ।

বন্ধ কৰা হ’ব নিম্নমানৰ চৰকাৰী/বেচৰকাৰী বি,এড শিক্ষা প্ৰতিষ্ঠান । ডি,এল,এড অৰ্হতাৰ প্ৰতিষ্ঠান নাথাকিব। পূৰ্বৰ ২ বছৰীয়া ডি,এল,এড বা বি,এডক এতিয়াৰ পৰা কেৱল বি,এড নামেৰেহে জনা যাব।

শিক্ষক বা বিষয় শিক্ষকৰ বাবে টেট উত্তীৰ্ণ হোৱাতো বাধ্যতামূলক। টেটৰ লগত বাধ্যতামূলক সংলগ্ন থাকিব ৫ -৭ মিনিটৰ এটা ডেমু ক্লাছ।

ইউ জি চি(UGC)আঁতৰাই এন এইচ ই আৰ এ ( National Higher Education Regulatory Authority) গঠনৰ প্ৰস্তাৱ। মুক্ত আৰু দূৰ শিক্ষা – ODL ) শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰম বাহাল থাকিব আৰু অ ডি এল এতিয়াৰে পৰা নাক (NAAC )ৰ অধীনত যাব।

স্কুলীয়া শিক্ষাত ষষ্ঠমানৰ পৰা দ্বাদশমানলৈ তিনিটা ভাষা বাধ্যতামূলক হ’ব। ইংৰাজী, হিন্দী, আঞ্চলিক ভাষা। ছাত্ৰ – শিক্ষকৰ অনুপাত ৩০:২। মিড-ডে মিলত প্ৰাতঃআহাৰৰ ব্যৱস্থা।

আনহাতে, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে এতিয়াৰে পৰা পাব্লিক শব্দটো স্কুলৰ নামৰ লগত ব্যৱহাৰ কৰিব নোৱাৰিব। পাব্লিক মানে কেৱল চৰকাৰী বা চৰকাৰী অনুমোদিত বিদ্যালয়কহে সাঙুৰি লোৱা হ’ব।

কেন্দ্ৰৰ এম এইচ আৰ ডি বা মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ৰ নাম সলনি কৰি ই এম বা শিক্ষা মন্ত্ৰালয় কৰাৰ প্ৰস্তাৱ। বিশ্বৰ শীৰ্ষ ২০০ খন বিশ্ববিদ্যালয়ক ভাৰতত শাখা খোলাৰ বাবে অনুমতি প্ৰদান।

ৰাজ্য আৰু কেন্দ্ৰৰ মাজত সম্পৰ্ক ৰক্ষা কৰাৰ বাবে ‘ৰাষ্ট্ৰীয় শিক্ষা আয়োগ’ গঠনৰ পোষকতা। এই আয়োগৰ অধ্যক্ষতা কৰিব প্ৰধানমন্ত্ৰীয়ে। আৰু য’ত পাৰিষদ হিচাপে থাকিব দেশৰ মুখ্য ন্যায়াধীশ, লোকসভাৰ অধ্যক্ষ, বিৰোধী দলপতি, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী তথা একাংশ শিক্ষাবিদ।