মাৰ্ঘেৰিটা, সংবাদ ৩৬৫, ২৫ জুলাই : তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমাৰ ডিগবৈ থানাৰ অন্তৰ্গত পাৱৈ গাঁও পঞ্চায়তৰ দহ নম্বৰ ৱাৰ্ডত আজি নিছেই পূৱাতে এক শোকাৱহ দুৰ্ঘটনা সংৰ্ঘটিত হয় । ঘৰৰ সম্মূখতে এজন লোক বিদ্যুৎপোষ্ট হৈ মৃত্যু মূখত পৰে।
জানিব পৰা মতে, অতি দৰিদ্ৰ পৰিয়ালৰ অষ্ট বাহাদুৰ লামা (৫৫) নামৰ লোক জনে ব্যক্তিগত চাহ বাগিছাত দিন হাজিৰা কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই যাওতেই ঘৰৰ সন্মূখৰে পাৰহৈ যোৱা ২২০ ভল্টৰ মূখ্য তাঁৰ ডাল চিঙি মাটিত পৰি থকা অৱস্থাৰ পৰা আঁতৰাবলৈ যাওতে এনে দুৰ্ভাগ্যজনক দুৰ্ঘটনা সংঘঠিত হয়।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিদ্যুৎ বিভাগৰ চৰম গাফিলতি বাবেই লোকজনে কৰুণ মৃত্যুক আকোৱালি ল’ব লগা হ’ল। বিদ্যুৎ বিভাগে বিদ্যুৎৰ তাঁৰ সমূহত লাগি থকা বাহ গছ আদি কাটি চাফা নকৰা বাবেই বাহত লাগি তাঁৰ চিঙি এই শোকাবহ দুৰ্ঘটনাটো সংৰ্ঘটিত হয়। স্থানীয় লোকসকলে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা উচিৎ ক্ষতিপুৰণৰ দাৱী জনাইছে।
ঘটনা স্থলীত বিদ্যুৎ বিভাগৰ লোক উপস্থিত হৈ নিহত লোক জনৰ পৰিয়াল বৰ্গক উচিৎ ক্ষতিপুৰণ দিয়া হব বুলি অৱগত কৰিছে । স্থানীয় ডিগবৈ আৰক্ষী থানাৰ আৰক্ষীও ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহ মৰোনোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰিছে।