মিনাংক ডেকাৰ নেতৃত্বত “অ মোৰ ধৰিত্ৰী আই” মুকাভিনয় পৰিবেশন

In ৰাজ্য
TheChocolateRoomTezpur

গুৱাহাটী, সংবাদ ৩৬৫, ৫ জুন : অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ ৰাজ্যিক বাল ভৱন গুৱাহাটীৰ উদ্যোগত আজি বিশ্ব পৰিৱেশ দিৱস  উপলক্ষে  মহানগৰীৰ বিভিন্ন স্থানত বাটৰ নাটৰ  শৈলীত  ‘অ মোৰ ধৰিত্ৰী আই’ শীৰ্ষক মুকাভিনয় পৰিৱেশন কৰে।

যুৱ মুকাভিনেতা মিনাংক ডেকাৰ  পৰিচালনাত মূকাভিনয়ৰ ১৮ জনীয়া দলটোৱে দীপৰ বিল,মালিগাঁও চাৰিআলি, দীঘলীপুখুৰী ,চান্দমাৰীকে ধৰি মহানগৰীৰ বিভিন্ন স্থানত মূকাভিনয় পৰিৱেশন কৰে। ৰাজ্যিক বাল ভৱন গুৱাহাটীৰ  চৌহদত বাল ভৱনৰ অধ্যক্ষ কবিতা শৰ্মা ভট্টাচাৰ্যই গছপুলি  ৰোপনেৰে কাৰ্যসূচী আৰম্ভ কৰে।

উল্লেখ্য যে যোৱা বছৰো ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দীপৰ বিলত ‘চৰাই জাক নহা হ’ল “শীৰ্ষক মুকাভিনয় পৰিৱেশন কৰিছিল।

ইতিমধ্যে মুকাভিনয়ৰ জৰিয়তে বিভিন্ন সামাজিক স্পৰ্শ কাতৰ বিষয় সমূহ জনসাধাৰণৰ মাজত পৰিবেশন কৰি প্ৰতিষ্ঠা লাভ কৰা মিনাংক ডেকাই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা লাভ কৰিব সক্ষম হোৱা মিনাংক ডেকাই আৰম্ভ কৰা চেভ দ্বীপৰ বিল শীৰ্ষক জনমূখী আন্দোলনে বিদেশটো চৰ্চা লাভ কৰিছে।

You may also read!

তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত জে চি আইৰ ৰাষ্ট্ৰীয় সভাপতি

গুৱাহাটী : দেশৰ আটাইতকৈ জনপ্ৰিয় আৰু সক্রীয়া স্বেচ্ছাসেৱী সংগঠন জুনিয়ৰ চেম্বৰ ইণ্টাৰনেচনেল চমুকৈ জে চি আই। ১০০ বছৰীয় পুৰণি

Read More...

অভিযুক্তক প্ৰহাৰ আৰু ধনদাবী কৰি গ্ৰেপ্তাৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন

নগাঁও : নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এতিয়া ৰঙা ঘৰৰ আলহী। কাৰণ

Read More...

বৰক্ষেত্ৰীৰ কেইজনমান সাধাৰণ যুৱকে দেখুৱালে মানৱতা

আজিজ আলী মুকালমুৱা : কেইজনমান সাধাৰণ যুৱকে দেখুৱালে মানৱতা। বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিলে কেইজনমান সাধানৰ যুৱক। নিজৰ গাঁঠিৰ ধন

Read More...

Mobile Sliding Menu