গুৱাহাটী, ১৭ অক্টোবৰ, ২০২৪ : উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ খাদ্যকেন্দ্ৰিক সমাজ গুৱাহাটী ফুডিয়ে বিশ্ব খাদ্য দিৱস ২০২৪ উদযাপনৰ অংশ হিচাপে ১৬ অক্টোবৰ বুধবাৰে নভোটেল গুৱাহাটীত আয়োজন কৰে তেওঁলোকৰ বাৰ্ষিক জনগোষ্ঠীয় খাদ্য প্ৰতিযোগিতাৰ (Ethnic Food Competition) চূড়ান্ত ৰাউণ্ড। প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডত এখন অনলাইন ফুড ফটোগ্ৰাফী প্ৰতিযোগিতা অনুষ্ঠিত হয়, য’ত নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলক নভোটেল গুৱাহাটীলৈ গৈ নিজ হাতেৰে প্ৰস্তুত কৰা সুস্বাদু আৰু পৰম্পৰাগত খাদ্য প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়।

উল্লেখ্য যে, অনলাইন প্লেটফৰ্মৰ জৰিয়তে স্থানীয় আৰু আঞ্চলিক খাদ্যসমূহ জনপ্ৰিয় কৰাৰ লক্ষ্যৰে গুৱাহাটী ফুডি সমাজে অনুষ্ঠিত কৰি অহা জনগোষ্ঠীয় খাদ্য প্ৰতিযোগিতাৰ এইবাৰ ষষ্ঠ সংস্কৰণ অনুষ্ঠিত হয় নভোটেল গুৱাহাটীত। বিগত বছৰবোৰত এই প্ৰতিযোগিতা কেৱল অনলাইনত সীমাবদ্ধ আছিল যদিও এইবাৰ গুৱাহাটী ফুডিয়ে এখোজ আগুৱাই গৈ চূড়ান্ত ৰাউণ্ডৰ লাইভ আয়োজন কৰাৰ সিদ্ধান্ত লয়। অনলাইন ৰাউণ্ডত নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলে প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে উপস্থিত থকা ৰন্ধন বিশেষজ্ঞসকলৰ সন্মুখত নিজ হাতেৰে প্ৰস্তুত কৰা সুস্বাদু খাদ্যসম্ভাৰ উপস্থাপন কৰে।

মন কৰিবলগীয়া যে, পূৰ্বৰ সংস্কৰণৰ দৰেই এই বাৰ্ষিক প্ৰতিযোগিতাখনৰ বাবেও ২৭ ছেপ্টেম্বৰৰ বিশ্ব পৰ্যটন দিৱসৰ দিনটোত প্ৰৱেশ মুকলি কৰা হয়। ইয়াৰ পিছতে আজি ৰাষ্ট্ৰসংঘৰ দুটা অনুষ্ঠান ক্ৰমে বিশ্ব পৰ্যটন দিৱস আৰু বিশ্ব খাদ্য দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতিযোগিতাখনৰ চূড়ান্ত ৰাউণ্ড অনুষ্ঠিত কৰা হয়। এই চূড়ান্ত প্ৰতিযোগিতাখনত প্ৰতিযোগীসকলে সুস্বাদু আৰু আটকধুনীয়াকৈ উপস্থাপন কৰা ব্যঞ্জনসমূহ পৰিবেশন কৰে। বিচাৰকে এই খাদ্যসম্ভাৰৰ মাজৰ পৰা নিৰ্বাচন কৰি ডলী তালুকদাৰ, সবিতা স্বৰ্গীয়াৰী, আৰু উৰ্মি লহকৰ বৰুৱাক বিজয়ী ঘোষণা কৰে। প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডৰ বিচাৰক হিচাপে উপস্থিত থাকে নভোটেল গুৱাহাটীৰ ছু চেফ অনিৰ্বান গোস্বামী আৰু গপ-চপ ৯৪.৩ এফ এমৰ ক্লাষ্টাৰ প্ৰগ্ৰেমিং হেড আৰ জে মেণ্ডী।

প্ৰতিযোগিতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গুৱাহাটী ফুডিৰ স্বত্বাধিকাৰ শিশিৰ কুমাৰে কয়, ”আমি ছ’চিয়েল মিডিয়াৰ জৰিয়তে আমাৰ আঞ্চলিক খাদ্য আৰু খাদ্য সংস্কৃতিক প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছো। ইমান বৃহৎ সংখ্যক অংশগ্ৰহণকাৰীৰ উপস্থিতিয়ে আমাক অত্যন্ত আনন্দিত কৰিছে। বয়স, জাতিগত পৰিচয় আৰু ভৌগোলিক অৱস্থান নিৰ্বিশেষে বৃহৎ সংখ্যক লোকে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিছিল। আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসক সমৰ্থন আগবঢ়াই আমাৰ কাষত থিয় দিয়া প্ৰতিগৰাকী অংশীদাৰক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমি আনন্দিত যে এই বছৰ আমি এই বাৰ্ষিক প্ৰতিযোগিতাখনক অনলাইন জগতৰ সীমাৰ বাহিৰলৈ লৈ গৈ অঞ্চলটোৰ কেতবোৰ ভিন্ন খাদ্যৰ সোৱাদ লোৱাৰ সুযোগ সৃষ্টি কৰিবলৈ সক্ষম হৈছো।”

ব্যস্ততাৰ মাজতো সময় উলিয়াই বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে অতিথিসকলক ধন্যবাদ জ্ঞাপন কৰে শিশিৰ কুমাৰে। তদুপৰি তেওঁ প্ৰতিযোগিতাখনৰ আতিথ্য সহযোগী নভোটেল গুৱাহাটী, এফ এম অংশীদাৰ গপ-চপ ৯৪.৩ এফ এম, পুষ্টি অংশীদাৰ আমুল, জনসংযোগ অংশীদাৰ এম্প্লিফাইড ব্ৰেণ্ড কমিউনিকেচন আৰু পৃষ্ঠপোষক ম’ম’ ঘৰ আৰু ষ্টাৰলিং ৰিজাৰ্ভ প্ৰিমিয়াম ড্ৰিংকিং ৱাটাৰক তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জনায়।

নভোটেল গুৱাহাটীৰ জেনেৰেল মেনেজাৰ মনমীত সিঙে কয়, ”নভোটেল গুৱাহাটীৰ জেনেৰেল মেনেজাৰ হিচাপে অসমৰ বৈচিত্ৰময় খাদ্য সংস্কৃতিৰ এই চমৎকাৰ উদযাপনৰ অংশ হিচাপে মই গৌৰৱান্বিত। এনে অনুষ্ঠানে কেৱল স্থানীয় সোৱাদৰ প্ৰচাৰ কৰাই নহয়, প্ৰতিভাৱান চেফ আৰু ঘৰুৱা ৰান্ধনীসকলক খাদ্যৰ প্ৰতি থকা তেওঁলোকৰ আবেগ তুলি ধৰাৰ বাবেও এখন মঞ্চ প্ৰদান কৰে। অংশগ্ৰহণকাৰীসকলৰ নিষ্ঠাৰ দ্বাৰা সঁচাকৈয়ে অনুপ্ৰাণিত হৈছো। বিজয়ীসকলক মই মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ, এই বিজয়ৰে আপোনালোক আজি সুপ্ৰাপ্য সফলতাৰ শিখৰত উপনীত হৈছে।’’

তেওঁ লগতে কয়, “আমি সকলো প্ৰতিযোগী, বিচাৰক আৰু গুৱাহাটী খাদ্যপ্ৰেমী সমাজক তেওঁলোকৰ সহায়ৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। নভোটেল গুৱাহাটীয়ে খাদ্য সংস্কৃতিৰ প্ৰসাৰৰ লগতে স্থানীয় খাদ্য সমাজক এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে সহায় কৰিবলৈ চিৰদিন প্ৰতিশ্ৰুতিবদ্ধ।’’

আমুলৰ প্ৰতিনিধি শ্ৰী ৰিতু কোঁৱৰে কয়, “ফুডিৰ জনগোষ্ঠীয় খাদ্য প্ৰতিযোগিতাৰ সৈতে জড়িত হৈ আমুল গুৱাহাটী অত্যন্ত আনন্দ অনুভৱ কৰিছো। এই প্ৰতিযোগিতাই অংশগ্ৰহণকাৰীসকলক স্থানীয় খাদ্যৰ প্ৰতি থকা তেওঁলোকৰ ভালপোৱা আৰু আবেগ প্ৰদৰ্শনৰ বাবে এক মঞ্চ প্ৰদান কৰিছে। আমাৰ শেহতীয়াকৈ মুকলি কৰা আমুল জৈৱিক সামগ্ৰীসমূহেও স্থানীয় আৰু স্বাস্থ্যসন্মত খাদ্য আৰু খাদ্যাভ্যাসক প্ৰসাৰিত কৰাৰ এই ধাৰণাটোৰে প্ৰতিফলন ঘটায়।”

অনুষ্ঠানটোৰ সফলতাৰ বিষয়ে নিজৰ মত প্ৰকাশ কৰি ম’ম’ ঘৰৰ স্বত্বাধিকাৰ তপন কুমাৰ বৰুৱাই কয়, ‘প্ৰথমে সকলো বিজয়ী আৰু চূড়ান্ত প্ৰতিযোগীকে তেওঁলোকৰ অনন্য প্ৰতিভা প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাইছো। দ্বিতীয়তে, সামাজিক মাধ্যমত মানুহৰ খাদ্যৰ প্ৰতি আগ্ৰহী লোকৰ সংখ্যা আৰু আমাৰ অঞ্চলৰ খাদ্যৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি হোৱা দেখি মই অতি আনন্দিত হৈছো। এই অনুষ্ঠানটো সফলতাৰে আয়োজন কৰাৰ বাবে গুৱাহাটী ফুডীক অভিনন্দন জনাইছো আৰু এই পৰম্পৰাক এনেধৰণে আগুৱাই নিবলৈ অনুৰোধ জনাইছো।”

উল্লেখ্য যে, অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় খাদ্য সংস্কৃতিৰ চহকী ঐতিহ্যক তুলি ধৰিবলৈ আৰু স্থানীয় উপাদানসমূহ চিনাক্ত কৰি মানুহক ৰন্ধনৰ প্ৰতি উৎসাহিত কৰাৰ লক্ষ্যৰে প্ৰত্যেক বছৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে গুৱাহাটী ফুডিয়ে। এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৫০০ৰো অধিক লোকে অংশগ্ৰহণ কৰিছিল, যাৰ ভিতৰত তিনিগৰাকী বিজয়ীক ৰন্ধন কলা, ফটোগ্ৰাফী আৰু স্থানীয় খাদ্যৰ ক্ষেত্ৰৰ বিশেষজ্ঞসকলক সামৰি লোৱা বিচাৰক পেনেলে নিৰ্বাচন কৰে।