মামুন আলী
কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ শালবাৰী বজাৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত শালবাৰী বজাৰৰ সাতখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ১৫ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত ৰক্ষা পৰে বজাৰখনত থকা কেইবাখনো দোকান।
বৃহস্পতিবাৰে পুৱা ৮ মান বজাত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শালবাৰী বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত সাতখনকৈ দোকান সম্পূৰ্ণৰূপে জুইত জাহ যায়। পুৱাৰ ভাগত বজাৰখনৰ ব্যৱসায়ী সকলে নিজৰ নিজৰ দোকান খুলিবলৈ আৰম্ভ কৰা সময়তে হঠাৎ এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এখন দোকানৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ লগে লগে জুইৰ লেলিহান শিখাই বজাৰখনত থকা অন্য দোকানলৈ বিয়পি পৰে।
স্থানীয় ৰাইজে জুই নুমোৱাবলৈ চেষ্টা চলাই যদিও এখনৰ পিছত আনখন দোকানলৈ জুই বিয়পি পৰাত ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নুমোৱাবলৈ চেষ্টা চলায়। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত কিছু সময়ৰ ভিতৰতে জুই নিয়ন্ত্ৰণলৈ আহে আৰু বজাৰখনত থকা বহু দোকান ৰক্ষা পৰে।
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে অগ্নিকাণ্ডৰ ঘটনাত ১৫ লক্ষাধিক টকা মূল্যৰ সামগ্ৰী জুইত জাহ গৈছে। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত শালবাৰী বজাৰত থকা মজিবৰ ৰহমান, ছাত্তাৰ আলী আৰু আলী আক্বৰকে ধৰি সাতজনকৈ লোকে দোকান জাহ যায়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।