শিৱসাগৰ : বেংকত মহিলাক অসৎ ব্যৱহাৰ কৰা ৰিতুৰাজ গগৈ ওৰফে ৰিতু নন্দেশ্বৰ শেনছোৱা গ্ৰেপ্তাৰ। শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ৰিতুৰাজ গগৈক। ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিস্থিত ভাৰতীয় ষ্টেট বেংকত এগৰাকী মহিলাক অসৎ ব্যৱহাৰ কৰিছিল ৰিতুৰাজ গগৈয়ে। শিৱসাগৰৰ পৰা পলায়ন কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীৰ জালত পৰে লম্পট ৰিতুৰাজ গগৈ।

১৪ চেপ্তেম্বৰত ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিস্থিত ভাৰতীয় ষ্টেট বেংকত এগৰাকী মহিলা কাউন্টাৰত ধনৰ লেনদেনৰ বাবে শাৰী পাতি থকাৰ অৱস্থাত ৰিতুৰাজ গগৈ নামৰ লম্পটজনে মহিলা গৰাকীক অসৎ ব্যৱহাৰ কৰিছিল। ৰিতুৰাজ গগৈয়ে মহিলা গৰাকীক কৰা অসৎ ব্যৱহাৰৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল কেমেৰাত। পৰৱৰ্তী সময়ত এই দৃশ্য ভাইৰেল হৈ পৰাত ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

কুচৰিত্ৰৰ ৰিতুৰাজ গগৈয়ে এগৰাকী মহিলাক অজ্ঞাতেই বেংকতে অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ বাবে চেষ্টা চলাইছিল দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতে ৰিতুৰাজ গগৈক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে লম্পট ৰিতুৰাজ গগৈক বিচাৰি অভিযান আৰম্ভ কৰে। অৱশেষত বুধবাৰে নিশা শিৱসাগৰৰ ৰাজ্যিক পৰিবহনৰ বাছ আস্থানৰ পৰা ৰিতুৰাজ গগৈ ওৰফে ৰিতু নন্দেশ্বৰ শেনছোৱাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰিতুৰাজ গগৈক গ্ৰেপ্তাৰ কৰে। শিৱসাগৰ বাছ আস্থানৰ পৰা বাছযোগে কোনো স্থানলৈ পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে অভিযান চলাই জালত পেলাবলৈ সক্ষম হয় ৰিতুৰাজ গগৈক। গ্ৰেপ্তাৰৰ পিছত নিশাই ৰিতুৰাজ গগৈক শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ নিয়া হয়। জানিব পৰা মতে ৰিতুৰাজ গগৈ পূৰ্বেও বহু অপৰাধমূলক ঘটনাৰ লগত জড়িত আছিল।