গুৱাহাটী : প্ৰেমক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। প্ৰেমত বাধা প্ৰেমিকাৰ ককায়েকৰ। প্ৰেমত বাধা দিয়াৰ বাবেই পশ্চিম বংগৰ পৰা আহি প্ৰেমিকাৰ কাকয়েকক গুলীয়ালে প্ৰেমিকে। তিনি ঘণ্টা ধৰি প্ৰচেষ্টা চলাই আৰক্ষীয়ে আটক কৰে প্ৰেমিকাৰ কাকয়েকক গুলীওৱা প্ৰেমিকজনক।
দেওবাৰে পুৱাৰ ভাগত মহানগৰী গুৱাহাটীৰ বশিষ্ঠত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। বশিষ্ঠৰ বঙালীবস্তিৰ মাণিক দেৱনাথ নামৰ এজন লোকৰ ঘৰত পশ্চিম বংগৰ পৰা আহি এজন যুৱকে গুলী চালনা কৰে। প্ৰেম কুমাৰ দেৱনাথ নামৰ যুৱকজনক লক্ষ্য কৰি পশ্চিম বংগৰ যুৱকজনে গুলী চালনা কৰাত গুৰুত্বৰভাৱে আহত হয় প্ৰেম কুমাৰ দেৱনাথ নামৰ যুৱকজন।
জানিব পৰা মতে প্ৰেম কুমাৰ দেৱনাথৰ ভগ্নীৰ লগত পশ্চিম বংগৰ পৰা অহা সময় ৰয় নামৰ যুৱকজনৰ প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰেম কুমাৰ দেৱনাথে এই প্ৰেমৰ সম্পৰ্কত বাধা প্ৰদান কৰি আহিছিল। দেওবাৰে পুৱা প্ৰায় ৭ মান বজাত সময় ৰয় নামৰ যুৱকজন হঠাৎ উপস্থিত হৈ প্ৰেম কুমাৰ দেৱনাথক গুলীয়াই আহত কৰে।
আহত প্ৰেম কুমাৰ দেৱনাথক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইফালে গুলী চালনা কৰাৰ পিছতে সময় ৰয় নামৰ যুৱকজনে ঘৰখনত আত্মগোপন কৰে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ প্ৰায় তিনি ঘণ্টা সময় ধৰি প্ৰচেষ্টা চলাই সময় ৰয় নামৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হয়।