জোনমণি বেমগ

বিশ্বনাথ : বিশ্বনাথত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুজন যুৱক। বৃহৎ পৰিমাণৰ নিচাজাতীয়া টেবলেট আৰু কফ চিৰাপসহ আৰক্ষীয়ে আটক কৰে যুৱক দুজনক। আটকাধীন যুৱক দুজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ৰাজ্যজুৰি অব্যাহত অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষীয়ে প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰিছে ড্ৰাগছ সৰবৰাহকাৰীক। আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰিছে এটাৰ পিছত আনটো সাফল্য।

ড্ৰাগছ বিৰোধী অভিযান চলাই বিশ্বনাথ জিলা আৰক্ষীয়ে ইতিমধ্যে কেইবাটাও সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। দেওবাৰে পুনৰ ড্ৰাগছ বিৰোধী অভিযান চলাই এক সাফল্য লাভ কৰে বিশ্বনাথ আৰক্ষীয়ে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বিশ্বনাথ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয়া টেবলেট আৰু কফ চিৰাপসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।

এএছ-১২-এছ-০১০৫ নম্বৰৰ স্কুটী এখনত নিচাজাতীয়া টেবলেট আৰু কফ চিৰাপ লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে যুৱক দুজনক আটক কৰে। আটকাধীন যুৱক দুজন ক্ৰমে বিশ্বনাথ চাৰিআলিৰ আমবাৰীৰ ছাদ্দিক শ্বেখ আৰু আক্ৰম বেপাৰী বুলি জানিব পৰা গৈছে। যুৱক দুজনৰ পৰা ১০০ টা নিচাজাতীয়া টেবলেট আৰু ১০০ বটল কফ চিৰাপ জব্দ কৰে আৰক্ষীয়ে।