মহানগৰীৰৰ ধাৰাপুৰত ৰাষ্ট্ৰীয় মীন পালক দিৱস উদযাপন

In ৰাজ্য

পলাশবাৰী, সংবাদ ৩৬৫, ১০ জুলাই : আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস । অসমতো ৰাষ্ট্ৰীয় মীন পালক দিৱস উদযাপন কৰিলে ৰাজ্য চৰকাৰৰ মীন বিভাগে । মহানগৰীৰ ধাৰাপুৰৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত আজি ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰে এই মীন পালক দিৱস ।

১৯৫৭ চনৰ ১০ জুলাই তাৰিখে উৰিষ্যাত পোনপ্ৰথমত বাৰৰ বাবে কৃতিমভাৱে মাছৰ কণী উৎপাদন কৰি সাফল্য লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই ১০ জুলাইৰ দিনটো মীন পালক দিৱস হিচাপে উদযাপিত কৰা হৈ আহিছে । তাক উদ্দেশ্যে আজি ধাৰাপুৰত উদযাপিত হোৱা এই মীন পালক দিৱসত মুখ্য অতিথি ৰূপে অংশগ্ৰহন কৰে অসম চৰকাৰৰ বন আৰু মীন মন্ত্ৰী পৰিমল শুক্লবদ্যই । অংশগ্ৰহন কৰি বিভিন্ন কাৰ্যসুচীত ভাগ লোৱাৰ লগতে সকলোকে মীন পালন কৰিবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে ।

এই মীন পালক দিৱসত পালকসকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে ৩জন শ্ৰেষ্ঠ মীন পালক বটাও প্ৰদান কৰে মীন মন্ত্ৰী পৰিমল শুক্লবদ্যই । উল্লেখ্য যে অসমত বিগত বৰ্ষতকৈ ৬শতাংশ বৃদ্ধি হৈছে মাছৰ সংখ্যা । এইবৰ্ষত ৩.৩৭ লাখ মেট্ৰিটন মীন উৎপাদন কৰিবলৈ সক্ষম হৈছে অসমৰ মীন পালক সকলে কেন্দ্ৰই নিৰ্ধাৰন কৰা বছৰি সংখ্যলৈ অসমক লাগে মাত্ৰ ১৬ লাখ টন মীন ।

Comments

comments

You may also read!

মঙলবাৰে স্বদেশলৈ অনা হ’ব শ্বহীদ পদুম বাহাদুৰৰ নশ্বৰদেহ : নিজ গৃহত সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব জোৱানজনৰ শেষকৃত্য

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ অক্টোবৰ : দেওবাৰে কাশ্মীৰ সীমান্তত পাকিস্তানী সন্ত্ৰাসবাদীৰে সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হয় এজন অসমীয়া

Read More...

লখিমপুৰ আৰু ডিমৌৰ থাওৰাত পথ দুৰ্ঘটনা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ অক্টোবৰ : লখিমপুৰৰ বাৰমাইলত দুখন যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ । দুৰ্ঘটনাটোৰ ফলত ২০জনতকৈ

Read More...

ৰাজ্যৰ ৪ সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ

গুৱাহাটী, সংবাদ ৩৬৫, ২১ অক্টোবৰ : সোমবাৰৰ ৰাতিপুৱাৰ পৰা ৰাজ্যৰ ৪টা সমষ্টিত ৭ বজাৰ পৰা আৰম্ভ হ'ল উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ

Read More...

Mobile Sliding Menu