নিউজ ডেস্ক, ৬ এপ্ৰিল, ২০২৪ : ১৭ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় ফুটবল (National Football) প্ৰতিযোগিতা ড্ৰিম স্প’ৰ্টছ চেম্পিয়নশ্বিপ (ডি এছ চি)ৰ শ্বিলং লীগৰ খেলসমুহ অহা আঠ এপ্ৰিলৰ পৰা শ্বিলঙত আৰম্ভ হ’ব৷ উল্লেখ্য যে ড্ৰিম স্প’ৰ্টছ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু অল ইণ্ডিয়া ফুটবল ফেডাৰেচন (এআইএফএফ)ৰ সহযোগত অনুষ্ঠিত হ’বলগা এই প্ৰতিযোগিতাত মুঠ ছটা দলে অংশগ্ৰহণ কৰিব৷

অংশগ্ৰহণকাৰী দলসমূহ হৈছে শ্বিলং লাজং এফ চি, লাহ বেট এফ চি, গোল্ডেন লায়ন্স ফুটবল কোচিং চেণ্টাৰ, ৰংদাজীদ ইউনাইটেড এফ চি, ফুটবল ফ’ৰ চেঞ্জ আৰু এন আৰ এল ফুটবল একাডেমী৷ উল্লেখযোগ্য যে দলসমূহক দুটা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দলটোৱে অহা ১২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত অংশ লোৱাৰ বাবে যোগ্যতা অৰ্জন কৰিব৷ স্মৰ্তব্য যে একমাত্ৰ এআইএফএফৰ স্বীকৃতিপ্ৰাপ্ত ক্লাব আৰু একাডেমীসমূহেহে এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিব পাৰে৷

ভাৰতৰ আগশাৰীৰ ক্ৰীড়া প্ৰযুক্তি কোম্পানী ড্ৰিম স্প’ৰ্টছৰ দানশীল শাখা ড্ৰিম স্প’ৰ্টছ ফাউণ্ডেশ্যনে আৰম্ভ কৰা ড্ৰিম স্প’ৰ্টছ চেম্পিয়নশ্বিপ দেশৰ এতিয়ালৈকে দ্বিতীয়খন প্ৰতিভা সন্ধানী ১৭ বছৰ অনুৰ্ধ ফুটবল প্ৰতিযোগিতা৷ এই প্ৰতিযোগিতাৰ লক্ষ্য হৈছে উচ্ছাকাংক্ষী ফুটবল চেম্পিয়নসকলক নিজৰ দক্ষতাক উচ্ছতম পৰ্যায়ত প্ৰদৰ্শনৰ বাবে এখন উপযুক্ত মঞ্চ প্ৰদান কৰা লগতে ভাৰতীয় ফুটবলত যুৱক-যুৱতী ভিত্তিক প্ৰতিযোগিতাসমূহক অধিক পেছাদাৰী আৰু উন্নত কৰা৷

দেশৰ সকলো প্ৰান্ততে এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে৷ ইতিমধ্যে যোৱা পহিলা এপ্ৰিলৰ পৰা মুম্বাই আৰু কলকাতাত এই প্ৰতিযোগিতা আৰম্ভ হৈছে৷ শ্বিলঙৰ লগতে দিল্লী, বেংগালুৰু আৰু গোৱাটো এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ এআইএফএফৰ দ্বাৰা নিয়োগ কৰা নিৰ্বাচকে এই প্ৰতিযোগিতাৰ পৰাই প্ৰতিভাবান খেলুৱৈসকলক বাছনি কৰি জুনত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় শিবিৰলৈ দেশৰ সকলো প্ৰান্তৰ পৰাই যুৱ প্ৰতিভা নিৰ্বাচন কৰিব৷

অহা ১৮ এপ্ৰিলত আঞ্চলিক ৰাউণ্ডৰ পৰ্যায় সম্পূৰ্ণ হ’ব৷ তাৰ পিছত অহা মে’ মাহত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ফাইনেল প্ৰতিযোগিতাত শীৰ্ষ আঠটা দলে অংশগ্ৰহণ কৰিব৷ উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ৰাউণ্ডসমূহ ফেনকোডত লাইভ সম্প্ৰচাৰ কৰা হ’ব৷ প্ৰতিযোগিতাখনৰ বিষয়ে মন্তব্য কৰি ড্ৰিম স্প’ৰ্টছৰ চি অ’ অ’ আৰু সহ-প্ৰতিষ্ঠাপক ভৱিত শ্বেথে কয় ‘আমি বিশ্বাস কৰোঁ যে ফুটবলত বিশ্বমানৰ চেম্পিয়ন সৃষ্টিৰ পথ হৈছে দীৰ্ঘম্যাদী আৰু বহনক্ষম কাৰ্যসূচী গঢ়ি তোলা৷ ইতিমধ্যে আমাৰ তৃণমূল পৰ্যায়ৰ প্ৰশিক্ষণ আৰু মেণ্টৰশ্বিপ কাৰ্যসূচীৰ উপৰিও আমি এতিয়া ড্ৰিম স্প’ৰ্টছ চেম্পিয়নশ্বিপৰ জৰিয়তে উচ্ছমানৰ প্ৰতিযোগিতা আৰু আগতীয়াকৈ প্ৰতিভা চিনাক্তকৰণৰ পথ গ্ৰহণ কৰিছো৷ আমি এআইএফএফক এইদিশত সমৰ্থনৰ বাবে ধন্যবাদ জনাইছো৷’