কোকৰাঝাৰ : প্ৰাক্তন বিধায়কৰ বাসগৃহৰ পৰা জব্দ মাৰণাস্ত্ৰ। এটা একে ছিৰিজৰ ৰাইফল আৰু এটা এম ১৬ ৰাইফল জব্দ প্ৰাক্তন বিধায়কৰ বাসগৃহৰ পৰা। প্ৰাক্তন বিধায়কজনক গ্ৰেপ্তাৰ (Former MLA Arrested) কৰি জেৰা অব্যাহত।

বি পি এফ দলৰ প্ৰাক্তন বিধায়ক এজনৰ বাসগৃহৰ পৰা জব্দ হৈছে অবৈধ মাৰণাস্ত্ৰ। প্ৰাক্তন বিধায়কজনৰ বাসগৃহত অবৈধভাৱে ৰখা এটা একে ছিৰিজৰ ৰাইফল আৰু এটা এম ১৬ ৰাইফল জব্দ কৰিছে আৰক্ষীয়ে। বাক্সা জিলাৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ বাসগৃহৰ পৰা জব্দ কৰা হৈছে অবৈধ মাৰণাস্ত্ৰ।

অবৈধ মাৰণাস্ত্ৰ ৰখাৰ অপৰাধত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বাক্সা জিলাৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক। কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই হিতেশ বসুমতাৰীৰ বাসগৃহৰ পৰা মাৰণাস্ত্ৰখিনি জব্দ কৰে। বৰ্তমান কোকৰাঝাৰ সদৰ থানাত হিতেশ বসুমতাৰীক আৰক্ষীয়ে জেৰা চলাই আছে।

হিতেশ বসুমতাৰী বাক্সা জিলাৰ চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক। বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্যও আছিল হিতেশ বাসুমতাৰী। একে ছিৰিজৰ ৰাইফল আৰু এম ১৬ ৰাইফলৰ লগতে আৰক্ষীয়ে প্ৰাক্তন বিধায়কজনৰ বাসগৃহৰ পৰা এক ছিৰিজৰ এটা মেগজিন আৰু ১২৬ জাঁই গুলী, এম ১৬ ৰাইফলৰ এটা মেগজিন আৰু ৯ জাঁই গুলীও জব্দ কৰিছে।

কোকৰাঝাৰ আৰক্ষীয়ে অভিযানকালত হিতেশ বাসুমতাৰীৰ লগতে আন দুজন লোককো গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দেফ্ৰেৱ নাৰ্জাৰী আৰু বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সাধাৰণ সম্পাদক বিক্ৰম দৈমাৰীকো গ্ৰেপ্তাৰ কৰিছে।