গুৱাহাটী : ‘হিন্দী ছবিৰ এটা সুদীৰ্ঘ কালৰ অন্তৰংগ সাক্ষী হ’ল দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত গুলজাৰ (Gulzar)। গুলজাৰৰ স্মৃতিকথা হিন্দী ছবিৰ এটি যুগৰ বহু কথাৰ সাক্ষী। এই কাহিনীবোৰত চিনেমাৰ ৰঙীন জগতৰ মানুহবোৰৰ জীৱনৰ বহু অজানা কাহিনী পোহৰলৈ আহিছে।’

গুলজাৰৰ স্মৃতি কথাৰ নম্ৰতা দত্তই কৰা অসমীয়া অনুবাদ ’স্মৃতিৰ মানুহবোৰ’ উন্মোচন কৰি এই কথাখিনি কয় মুম্বাইৰ প্ৰসিদ্ধ চিত্ৰ পৰিচালক আকাশ আদিত্য লামাই। গুৱাহাটীৰ কটন কলেজৰ কফি হাউচত আয়োজিত এখন অন্তৰংগ অনুষ্ঠানত অসম পাব্লিচিং কোম্পানীৰ সঞ্জয় কুমাৰ সান্যালে প্ৰকাশ কৰা এই কিতাপখন উন্মোচন কৰা হয়। আন এগৰাকী উন্মোচক কলকাতাৰ প্ৰখ্যাত চিত্ৰ পৰিচালক ৰঞ্জন ঘোষে কয় ‘ভাৰতীয় দৰ্শকৰ মাজত গুলজাৰৰ গীত আৰু ছবিৰ বিশেষ স্থান আছে আৰু গুলজাৰে দীৰ্ঘদিনৰ সাধনাৰে এই আসন নিৰ্মাণ কৰি লৈছে।

তেখেতৰ এই স্মৃতিকথাই পাঠকক বহু ধৰণে উজ্জীৱিত কৰিব।’ অনুবাদিকা নম্ৰতা দত্তই ১৯৯৯ চনতেই গুলজাৰৰ কবিতা অনুবাদ কৰিছিল আৰু জাৰ্ণাল এম্পৰিয়ামে প্ৰকাশ কৰিছিল। প্ৰায় একুৰি দুই বছৰৰ পিছত দ্বিতীয়খন অনুবাদ গ্ৰন্থৰ প্ৰকাশৰ আনন্দৰে অনুবাদিকা আলোড়িত৷ তেখেতে কয় ‘গুলজাৰৰ গীত আৰু কবিতাই আমাক সন্মোহিত কৰি আহিছে আৰু তেখেতৰ গদ্যৰ আকৰ্ষণী শক্তি গীত কবিতাৰ দৰেই শক্তিশালী।

এই কিতাপখনৰ অনুবাদ মোৰ বাবে এটি স্মৰণীয় সাহিত্য অভিজ্ঞতা।’ অনুশ্র্ঠানত প্ৰখ্যাত আবৃত্তিকাৰ অৱনী বৰাই গুলজাৰৰ কেইটিমান কবিতা আবৃত্তি কৰি শুনায়। আকাশবাণী গুৱাহাটীৰ বিষয়া ঋতুপৰ্ণ দাসে অলপতে আকাশবাণীৰ প্ৰথম গ্ৰেডৰ অভিনেতা হিচাপে লাভ কৰা স্বীকৃতিৰ বাবে নম্ৰতা দত্তই তেওঁক সম্বৰ্ধনা জনায়।

ঋতুপৰ্ণ দাসে আঁত ধৰা এই সভাত ডঃ অকুন্ঠিতা বৰঠাকুৰ, নয়ন প্ৰসাদ, উৎপল চৌধুৰী, তপন দত্ত, শিবানু বৰা, মানস প্ৰতিম শৰ্মাকে ধৰি ভালে সংখ্যক সাহিত্যিক-সাংবাদিক উপস্থিত থাকে।