গুৱাহাটী, ২১ জানুৱাৰী, ২০২৪ : পূৰ্বৰ তিনিটা সংস্কৰণৰ বৃহৎ সফলতাৰ পিছত, খাদ্য আৰু আতিথ্য উদ্যোগৰ বাবে এক গুৰুত্বপূৰ্ণ বাণিজ্য প্ৰদৰ্শনী চতুৰ্থ নৰ্থ-ইষ্ট ফুডটেক-২০২৪ পুনৰ অনুষ্ঠিত হ’ব গুৱাহাটীত। এই দ্বিবাৰ্ষিক ব্যৱসায়-পৰা-ব্যৱসায় (বি টু বি) অনুষ্ঠানটোৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক সামৰি অঞ্চলটোৰ খাদ্য আৰু আতিথ্য উদ্যোগৰ বাবে এক সুকীয়া মঞ্চ প্ৰদান কৰি আহিছে। ২৫ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত (Maniram Dewan Trade Centre) অনুষ্ঠিত হ’বলগীয়া এই বাণিজ্য প্ৰদৰ্শনীত একত্ৰিত হ’ব খাদ্য উদ্যোগৰ বিশিষ্ট ব্যক্তিসকল।

উল্লেখ্য যে, ভাৰতৰ পুৰণি প্ৰদৰ্শনী প্ৰতিষ্ঠান কলকাতা ফুডটেকে হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ’চিয়েচন অৱ আসাম আৰু সদৌ অসম ৰেষ্টুৰেণ্ট এছ’চিয়েচনৰ সহযোগত আয়োজন কৰিছে এই গুৰুত্বপূৰ্ণ বাণিজ্য প্ৰদৰ্শনীৰ। সমগ্ৰ ভাৰতৰ ৯০ টা সুপ্ৰতিষ্ঠিত কোম্পানীয়ে এই আগন্তুক বাণিজ্যিক নেটৱৰ্কিং অনুষ্ঠানত নিজৰ শেহতীয়া প্ৰযুক্তি আৰু সামগ্ৰীসমূহ প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। এই প্ৰদৰ্শনীৰ লক্ষ্য হৈছে অসমক খাদ্য উদ্যোগৰ এক আদৰ্শ বিনিয়োগৰ গন্তব্যস্থান হিচাপে গঢ় দিয়া। যোৱা তিনিটা সংস্কৰণৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি কেইবাটাও ৰাষ্ট্ৰীয় কোম্পানীয়ে ৰাজ্যৰ ভিতৰত কাৰ্য্যকলাপ আৰম্ভ কৰাৰ উপৰি নিজৰ বাণিজ্যিক সংযোগো সম্প্ৰসাৰণ কৰিছে।

চতুৰ্থ সংস্কৰণৰ জৰিয়তে যথেষ্ট বিনিয়োগৰ আশা কৰা হোৱাৰ লগতে ব্যৱসায়িক সহযোগিতা, অংশীদাৰিত্ব আৰু নতুন ষ্টাৰ্টআপ উদ্যোগৰ আৰম্ভণিৰ পোষকতা কৰা হৈছে। অংশগ্ৰহণকাৰী কোম্পানীসমূহে অত্যাধুনিক খাদ্য উৎপাদন যন্ত্ৰপাতি আৰু অত্যাধুনিক পেকেজিং প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি খাদ্য সুৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাক গুৰুত্ব দিয়া সামগ্ৰীলৈকে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰদৰ্শন কৰিব। প্ৰদৰ্শনীখনত বেকাৰী আৰু মিঠাই প্ৰস্তুতকৰণ সঁজুলি, খাদ্য আৰু পানীয় প্ৰক্ৰিয়াকৰণ যন্ত্ৰপাতি, খাদ্য প্ৰদৰ্শন ব্যৱস্থা, বাণিজ্যিক শীতলীকৰণ আৰু পাকঘৰৰ সঁজুলি, শীতলীকৰণ কোঠা, খাদ্য যোগকৰণ, উপাদান, সোৱাদ আদিকে ধৰি বহুতো অফাৰ প্ৰদৰ্শন কৰা হ’ব।

ইয়াৰ উপৰিও উপস্থিতসকলে অন্যান্য প্ৰস্তাৱৰ লগতে এফ এণ্ড বি ডিছপ্লে সঁজুলি, খাদ্য উদ্যোগৰ বাবে নিৰ্মিত আই টি সমাধান, লগতে বেকাৰী আৰু আতিথ্য খণ্ডৰ বাবে বিভিন্ন আনুষংগিক সামগ্ৰীসমূহ অন্বেষণ কৰিব পাৰিব। উত্তৰ-পূৰ্বাঞ্চলত বৃহৎ সংখ্যক সৰু আৰু অসংগঠিত বেকাৰী আছে। এই ব্যৱসায়সমূহৰ উত্থানৰ বাবে এক অগ্ৰণী পদক্ষেপ হিচাপে অনুষ্ঠানৰ আয়োজকে ২০২৪ চনৰ ২৭ জানুৱাৰী তাৰিখ, শনিবাৰে এই অনুষ্ঠানৰ মাজতেই নিৰ্দিষ্টকৈ এদিনীয়া বেকাৰী কনক্লেভৰ পৰিকল্পনা কৰিছে। এই অনুষ্ঠানত ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট বেকাৰী পৰামৰ্শদাতাসকল উপস্থিত থাকিব আৰু সমসাময়িক পৰিস্থিতিত সফল বেকাৰী ব্যৱসায় চলোৱাৰ জটিলতাৰ বিষয়ে অংশগ্ৰহণকাৰীসকলক জ্ঞান প্ৰদান কৰিব। এই পদক্ষেপৰ অংশ হিচাপে অঞ্চলটোৰ হোম-বেকাৰ আৰু ক্ষুদ্ৰ বেকাৰীয়ে কনক্লেভৰ সময়ত উদ্যোগ বিশেষজ্ঞৰ পৰা বিনামূলীয়াকৈ মেণ্টৰশ্বিপ লাভ কৰাৰ সুযোগ পাব।

নৰ্থ-ইষ্ট ফুডটেকৰ মুখ্য আহ্বায়ক জাকিৰ হোছেইনে কয়, “ভাৰতৰ অন্যান্য চহৰত খাদ্য প্ৰদৰ্শনীত অংশগ্ৰহণ কৰাৰ প্ৰয়াস কৰাৰ সময়ত উত্তৰ-পূবৰ উল্লেখযোগ্য খাদ্য উদ্যোগৰ উদ্যোগীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ প্ৰতি লক্ষ্য ৰাখি নৰ্থ-ইষ্ট ফুডটেকে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই মঞ্চই তেওঁলোকক ৰাষ্ট্ৰীয় উদ্যোগীসকলৰ সৈতে সহযোগিতা স্থাপন, তেওঁলোকৰ ব্যৱসায়িক নেটৱৰ্ক সম্প্ৰসাৰণ, ভাৱ বিনিময় আৰু ব্যৱসায়িক চুক্তিৰ সুবিধা প্ৰদানৰ লগতে দেশৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা অনুষ্ঠানসমূহৰ সুবিধা প্ৰদান কৰিব।’’ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰদৰ্শনীত অঞ্চলটোৰ পৰা ৫০০০ ৰো অধিক ব্যৱসায়িক অনুৰাগী উপস্থিতি আশা কৰা হৈছে।