নিউজ ডেস্ক, ২০ জানুৱাৰী, ২০২৪ : ভাৰতীয় ৰে’লৱেই (Indian Railway) ২০৩০ চনৰ ভিতৰত নেট জিৰো কাৰ্বন নিৰ্গমনৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ কঠোৰ প্ৰচেষ্টা চলাই আহিছে। জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰয়াসত, উত্তৰ-পূব সীমান্ত ৰে’লৱেই সমগ্ৰ অঞ্চলত সৌৰ শক্তি প্ৰকল্প স্থাপন কৰি অধিক পৰিমাণে সেউজ শক্তি উৎপাদনৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে।

২০২৩ বৰ্ষৰ ডিচেম্বৰ পৰ্যন্ত সমগ্ৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৰুফ টপ চ’লাৰ পাৱাৰ প্ৰকল্প আৰম্ভ কৰি ৬১১০.২৩৩ কেডব্লিউপি উৎপাদন কৰে। ইয়াৰ ফলত, ৪৬.৮৩ লাখ ইউনিট ৰাহি হ’ব যাৰ পৰিমাণ হৈছে বছৰি বিদ্যুৎ বিলৰ প্ৰায় ৩.৭৪ কোটি টকা। ‘গো-গ্ৰীণ’ অভিযানৰ অধীনত, অসমৰ ৪৫ টা ষ্টেচন আৰু অন্যান্য সেৱা ভৱনত ৪৫০৯ কেডব্লিউপি উৎপাদন কৰা চ’লাৰ ৰুফ টপ পেনেল সংলগ্ন কৰা হৈছে।

পশ্চিম বংগৰ ২৪ টা ষ্টেচনত ৫৫৪.২০ কেডব্লিউপি উৎপাদন কৰা চ’লাৰ ৰুফ টপ পেনেল সংলগ্ন কৰা হৈছে; বিহাৰৰ ১১ টা ষ্টেচনত ৩৯০ কেডব্লিউপি উৎপাদন কৰা চ’লাৰ ৰুফ টপ পেনেল সংলগ্ন কৰা হৈছে; ত্ৰিপুৰাৰ ১৬ টা ষ্টেচনত ৩৩৫ কেডব্লিউপি উৎপাদন কৰা চ’লাৰ ৰুফ টপ পেনেল সংলগ্ন কৰা হৈছে; নাগালেণ্ডৰ ২ টা ষ্টেচন আৰু মেঘালয়ৰ ১ টা ষ্টেচনত চ’লাৰ ৰুফ টপ পেনেল সংলগ্ন কৰা হৈছে যিয়ে ক্ৰমান্বয়ে ১২০ কেডব্লিউপি আৰু ১০ কেডব্লিউপি উৎপাদন কৰে। ইয়াৰ উপৰিও, অসম, বিহাৰ আৰু পশ্চিম বংগৰ ৩৮৮ খন লেভেল ক্ৰছিং গেটত ১৯২.০৩৩ কেডব্লিউপি চ’লাৰ ৰুফ টপ চিষ্টেম কমিছনিং কৰা হৈছে।

চলিত বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰৈমাসিকত, শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ অধিক্ষেত্ৰৰ অধীনত চ’লাৰ ৰুফ টপ চিষ্টেমৰ ১৮৭১ কেডব্লিউপি ক্ষমতা কমিছনিং কৰিবলৈ সাজু হৈছে। ইয়াৰ ভিতৰত আছে ৰঙিয়া মণ্ডলৰ বিভিন্ন স্থানত ৮৯২ কেডব্লিউপি, মালিগাঁৱৰ উত্তৰ-পূব সীমান্ত ৰে’লৱে ক্ৰীড়া কমপ্লেক্সত ৩৮৪ কেডব্লিউপি।

ইয়াৰ উপৰিও, লামডিং আৰু আলিপুৰদুৱাৰ মণ্ডলৰ বিভিন্ন ষ্টেচন আৰু সেৱা ভৱনত ক্ৰমান্বয়ে ৪৯৫ কেডব্লিউপি আৰু ১০০ কেডব্লিউপি কমিছনিং কৰাৰ পৰিকল্পনা কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে সৌৰ শক্তি ব্যৱহাৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ যি সকলো ষ্টেচনত শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব আৰু পৰিৱেশ অনুকূল হোৱাৰ উপৰিও ৰে’লৱে আৰু দেশৰ বাবেও মূল্যৱান ধনৰাশি ৰাহি কৰিব।