নগাঁও, ৪ নৱেম্বৰ, ২০২৩ : নকল টকা আৰু নকল টকা বনোৱা মেচিনসহ আটক চাৰিজন (Fake Currency)। ইয়াৰে এগৰাকী মহিলা। নকল টকা বিক্ৰী কৰিবলৈ যাওঁতে আৰক্ষীৰ অভিযানত জালত পৰে নকল টকা চক্ৰৰ এগৰাকী মহিলাসহ চাৰিজন সদস্য। মহিলা গৰাকীৰ নাগালেণ্ডৰ বাসিন্দা। আনহাতে দুজন অসমৰ আৰু এজন মণিপুৰৰ বাসিন্দা। অধিক তথ্য বাবে আৰক্ষীৰ জেৰা অব্যাহত।
শুকুৰবাৰে নিশাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে অভিযান চলাই নকল টকাসহ চাৰিজন লোকক আটক কৰে। লোক কেইজনৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে বৃহৎ পৰিমাণৰ নকল ৫০০ টকাৰ লগতে নকল টকা বনোৱা মেচিন আৰু নকল টকা বনাবলৈ ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰী জব্দ কৰে। ধৃত লোককেইজন ক্ৰমে ঈদ্ৰিছ আলী, আনোৱাৰ হুছেইন, এ শিমৰায় আৰু মিছ ভিচেনো। ইয়াৰে ঈদ্ৰিছ আলীৰ ঘৰ শিমুলুগুৰিত, আনোৱাৰ হুছেইনৰ ঘৰ কামপুৰত, এ শিমৰায় মণিপুৰৰ বাসিন্দা আনহাতে মিছ ভিচেনো নাগালেণ্ডৰ বাসিন্দা।
মণিপুৰৰ এ শিমৰায় আৰু নাগালেণ্ডৰ মিছ ভিচেনো স্বামী-স্ত্ৰী। দুয়ো স্বামী-স্ত্ৰী নকল টকা আৰু নকল টকা বনোৱা মেচিন বিক্ৰী কৰিবলৈ আহিছিল। এক গোপন খবৰৰ ভিত্তিত শুকুৰবাৰে নিশাৰ ভাগত নগাঁও জিলাৰ কচুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ইৰ্শ্বাদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই চাৰি নকল টকা চক্ৰৰ সদস্যক আটক কৰে। ধৃত চাৰিওজনৰ কবলৰ পৰা আৰক্ষীয়ে নকল টকা, নকল টকা বনোৱা মেচিন, নকল টকা বনাবলৈ ব্যৱহাৰ কৰা বিভিন্ন সমগ্ৰী, মোবাইল ফোন আৰু এএছ-২১-চি-৪১১৯ নম্বৰৰ এখন বাহন জব্দ কৰে।
উল্লেখ্য যে ৰাজ্যত ক্ৰমাৎ অধিক সক্ৰিয় হৈ পৰিছে নকল টকা আৰু নকল সোণৰ চক্ৰ। আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই নকল টকা আৰু নকল সোণৰ চক্ৰৰ লগত জড়িত বহু লোকক আটক কৰিছে যদিও এতিয়াও সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাই এই চক্ৰক। কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীত বৃহৎ পৰিমাণৰ নকল টকাসহ আটক হৈছে এই চক্ৰৰ লগত জড়িত এজন লোক। মহানগৰী গুৱাহাটীৰ পৰাই লোকজনে চলাই আছিল নলক টকাৰ ব্যৱসায়ী। এক গোপন খবৰৰ ভিত্তিত স্পেচিয়েল টাক্স ফৰ্চৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ নকল টকাসহ এজন লোকক জালত পেলাবলৈ সক্ষম হৈছিল।
বশিষ্ঠৰ লালমাটি অঞ্চলৰ এখন হোটেলত স্পেচিয়েল টাক্স ফৰ্চৰ দলটোৱে অভিযান চলাই বৃহৎ পৰিমাণৰ নকল ৫০০ টকাৰ লগতে নকল টকা বনোৱা মেচিন আৰু নকল টকা বনাবলৈ ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰীসহ শিলচৰ নকল টকা ব্যৱসায়ীজনক আটক কৰিছিল। ধৃত শিলচৰৰ নকল টকা ব্যৱসায়ীজন নজৰুল মজুমদাৰ। লালমাটি অঞ্চলৰ এখন হোটেলত থাকি লোকজনে দীৰ্ঘদিন ধৰি নকল টকাৰ ব্যৱসায়ী চলাই আছিল। উল্লেখ্য যে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতে লখিমপুৰ জিলাৰ পৰা নকল টকা আৰু নকল সোণৰ চক্ৰ চলি থকাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই নকল টকা আৰু নকল সোণৰ চক্ৰটোৰ শিপা বিয়াপিছে।