নিউজ ডেস্ক, ৪ নৱেম্বৰ, ২০২৩ : নেপালৰ ভূমিকম্পত ১০০ জন (Hundred Killed In Nepal Earthquake) লোকৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৬.৪। ১০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ কেন্দ্ৰ আছিল। দিল্লী-এনচিআৰ, উত্তৰ প্ৰদেশ আৰু বিহাৰকে ধৰি উত্তৰ ভাৰতৰ বহু অঞ্চলত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়।

শুকুৰবাৰে নিশা প্ৰায় ১১.৩২ বজাত নেপালত ৬.৪ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত কমেও ১০০ জন লোকৰ মৃত্যু হৈছে। জানিব পৰা মতে নেপালৰ ৰুকুম পশ্চিম অঞ্চলত ৩৬ জন লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছে। জাজাৰকোটত ভূমিকম্পত ৩৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে পশ্চিম নেপালৰ জাজাৰকোট আৰু ৰুকুম হৈছে ভূমিকম্পৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চল।

মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আনহাতে ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য এতিয়াও উপলব্ধ হোৱা নাই। প্ৰশাসনে ক্ষতিগ্ৰস্ত অঞ্চল সমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহালে ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বাবে শোক প্ৰকাশ কৰিছে। জানিব পৰা মতে ১০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৬.৪ আৰু ১০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰ আছিল।

দিল্লী-এনচিআৰ, উত্তৰ প্ৰদেশ আৰু বিহাৰকে ধৰি উত্তৰ ভাৰতৰ বহু অঞ্চলত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। এনচিআৰৰ নয়ডাত ভূমিকম্পৰ কম্পনত বহু লোক ঘৰৰ পৰা ওলাই আহে।বিহাৰতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। ভূমিকম্পৰ পিছত বিহাৰৰ ৰাজধানী পাটনাত ঘৰৰ পৰা ওলাই আহে বহু লোক। অৱশ্যে ভাৰতত এই ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই।

নেপালত ভূমিকম্পৰ কম্পন প্রায় ৪০ ছেকেণ্ড ধৰি অব্যাহত আছিল বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত বহু অট্টালিক তাচ পাতৰ দৰে খহি পৰে। উল্লেখ্য যে ২০১৫ চনত ২৫ এপ্ৰিলত অহা বৃহৎ ভূমিকম্পিত নেপালত ৯ হাজাৰ লোকৰ মৃত্যু হৈছিল। এই ভূমিকম্পত ২২ হাজাৰতকৈও অধিক লোক আহত হোৱাৰ লগতে গৃহহীন হৈছিল ৩৫ হাজাৰ লোক।