গুৱাহাটী, ২৯ মাৰ্চ, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) ২৩ ৰ পৰা ২৬ মাৰ্চ পৰ্যন্ত এই সংমণ্ডলৰ ভিতৰত নিয়মীয়া অনুসন্ধান আৰু অভিযান চলাই থকাৰ সময়ত যাত্ৰীৰ সামগ্ৰী চুৰি কৰাৰ সৈতে জড়িত ৪ জন লোকক গ্ৰেপ্তাৰ কৰে। বিভিন্ন ষ্টেচন আৰু ৰে’লত চলোৱা এই অনুসন্ধানৰ সময়ত ৰে’লৱে সুৰক্ষা বাহিনীয়ে গুৱাহাটী, নিউ বঙাইগাঁও, বাৰছোই, পাঞ্জিপাৰা আদিত ৰে’ল আৰু ৰে’ল ষ্টেচনৰ পৰা প্ৰায় ১.০৩ লাখ টকাৰ মূল্যৱান সামগ্ৰী সফলতাৰে উদ্ধাৰ কৰে।

উদ্ধাৰ হোৱা মূল্যৱান সামগ্ৰীৰ সৈতে গ্ৰেপ্তাৰ কৰা আটাইকেইজন লোকক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত গতাই দিয়া হয়। শেহতীয়াকৈ ২৬ মাৰ্চ তাৰিখে হোৱা এক ঘটনাত বাৰছোইৰ ৰে’লৱে সুৰক্ষা বাহিনী আৰু জিআৰপিয়ে যুটীয়াভাৱে বাৰছোই ৰে’ল ষ্টেচনত অনুসন্ধান চলায় আৰু প্ৰায় ৩০ হাজাৰ টকাৰ দুটা চুৰি মোবাইল ফোনৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰে। একেদিনাই গুৱাহাটীৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে গুৱাহাটী ৰে’ল ষ্টেচনত অনুসন্ধান চলাই প্ৰায় ১০ হাজাৰ টকা মূল্যৰ এটা চুৰি মোবাইল ফোনসহ এজন লোকক গ্ৰেপ্তাৰ কৰে।

২৫ মাৰ্চত কিষাণগঞ্জৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে যুটীয়াভাৱে কাটিহাৰৰ চিপিডিএছ দলৰ সৈতে পাঞ্জিপাৰা ৰে’ল ষ্টেচনত অনুসন্ধান চলায় আৰু এজন লোকক গ্ৰেপ্তাৰ কৰে আৰু প্ৰায় ৬০ হাজাৰ টকা মূল্যৰ এটা চুৰি মোবাইল ফোন উদ্ধাৰ কৰে। ২৩ মাৰ্চত নিউ বঙাইগাঁৱৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে ৰঙিয়াৰ চিপিডিএছ দলৰ সৈতে যুটীয়াভাৱে নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত এক অনুসন্ধান চলাই এজন লোকক গ্ৰেপ্তাৰ কৰে আৰু প্ৰায় ৩০ হাজাৰ টকাৰ এটা চুৰি হোৱা মোবাইল ফোন উদ্ধাৰ কৰে। ফেব্ৰুৱাৰী মাহৰ সময়ছোৱাত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে যাত্ৰীৰ সামগ্ৰী চুৰিৰ সৈতে জড়িত ৩৪ জন লোকক গ্ৰেপ্তাৰ কৰে।

উদ্ধাৰ হোৱা মূল্যৱান সামগ্ৰীসমূহৰ সৈতে গ্ৰেপ্তাৰ কৰা আটাইকেইজন ব্যক্তিক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত গতাই দিয়া হয়। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে যাত্ৰীসকলক নিৰাপত্তা নিশ্চিত কৰাৰ কামৰ উপৰিও ৰে’ল ব্যৱহাৰকাৰীসকলক নিৰ্দেশনা আৰু সহায় আগবঢ়োৱাৰ বাবে সেৱা প্ৰদান কৰিবলৈ সদায় সাজু হৈ থাকে। ৰে’ল যাত্ৰীসকলে তেওঁলোকৰ ৰে’ল যাত্ৰাৰ সময়ত কোনো সমস্যাৰ সন্মুখীন হ’লে ১৩৯ (টোল-ফ্ৰী) ডায়েল কৰিব পাৰিব।