নিউজ ডেস্ক, ১৩ আগষ্ট, ২০২৪ : যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, চাৰি যোৰ সাপ্তাহিক বিশেষ ৰে’ল অৰ্থাৎ এটা ট্ৰিপৰ বাবে ৰে’ল নং ০৫৬৭১/০৫৬৭২ (গুৱাহাটী-আনন্দ বিহাৰ টাৰ্মিনেল – গুৱাহাটী) আৰু ৰে’ল নং. ০৫৯১৯/০৫৯২০ (নিউ তিনিচুকীয়া-ভগত কি কোঠী-নিউ তিনিচুকীয়া)আৰু উভয় দিশত চাৰিটা ট্ৰিপৰ বাবে ৰে’ল নং. ০৫৭৩৪/০৫৭৩৩ (কাটিহাৰ-অমৃতসৰ-কাটিহাৰ) আৰু ৰে’ল নং. ০২৫২৫/০২৫২৬ (কামাখ্যা-আনন্দ বিহাৰ টাৰ্মিনেল-কামাখ্যা) বিশেষ ৰে’লসমূহৰ (Special Trains) সেৱা বাহাল ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই ৰেলসমূহ বিদ্যমান সেৱাৰ দিন, সময়, গঠন আৰু ষ্টপেজৰ সৈতে চলাচল কৰিব। সেই অনুসৰি, ৰে’ল নং ০৫৬৭১ (গুৱাহাটী-আনন্দ বিহাৰ টাৰ্মিনেল) সাপ্তাহিক বিশেষ ৰে’লখন ২১ আগষ্ট, ২০২৪ তাৰিখে বুধবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং. ০৫৬৭২ (আনন্দ বিহাৰ টাৰ্মিনেল-গুৱাহাটী) সাপ্তাহিক বিশেষ ৰে’লখন ২৩ আগষ্ট, ২০২৪  তাৰিখ শুকুৰবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে।

আনহাতে, ৰে’ল নং ০৫৯১৯ (নিউ তিনিচুকীয়া-ভগত কি কোঠী) সাপ্তাহিক বিশেষ ৰে’লখন ১৯ আগষ্ট, ২০২৪ তাৰিখ সোমবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৯২০ (ভগত কি কোঠি-নিউ তিনিচুকীয়া) সাপ্তাহিক বিশেষ ৰে’লখন ২৩ আগষ্ট, ২০২৪ তাৰিখে শুকুৰবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে।।ৰে’ল নং ০৫৭৩৪ (কাটিহাৰ-অমৃতসৰ) সাপ্তাহিক বিশেষ ৰে’লখনৰ সেৱা প্ৰতি বৃহস্পতিবাৰে ২২ আগষ্টৰ পৰা ১২ ছেপ্টেম্বৰ, ২০২৪ লৈ চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত, প্ৰতি শনিবাৰে ২৪ আগষ্টৰ পৰা ১৪ ছেপ্টেম্বৰ, ২০২৪ লৈ ৰে’ল নং ০৫৭৩৩ (অমৃতসৰ-কাটিহাৰ) বিশেষ ৰে’লখন চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে।

ৰে’ল নং ০২৫২৫ (কামাখ্যা-আনন্দ বিহাৰ টাৰ্মিনেল) সাপ্তাহিক বিশেষ ৰে’লখন ১৬ আগষ্টৰ পৰা ৬ ছেপ্টেম্বৰ, ২০২৪ লৈ প্ৰতি শুকুৰবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত, প্ৰতি দেওবাৰে ১৮ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰ, ২০২৪ লৈ ৰে’ল নং ০২৫২৬ (আনন্দ বিহাৰ টাৰ্মিনেল-কামাখ্যা) বিশেষ ৰে’লখন চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে। এই ৰে’ল সেৱাসমূহৰ সম্প্ৰসাৰণে সেই পথসমূহত থকা অন্যান্য ৰেলৰ প্ৰতীক্ষাসূচীৰ যাত্ৰীসকলক লাভান্বিত কৰিব।

এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো উপলব্ধ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ কৰা হৈছে।