নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ ছেপ্টেম্বৰ : দিনক দিনে বৃদ্ধি পাইছে সোণৰ দাম। এনে সময়তে মোদী চৰকাৰে সোণ ক্ৰয়ৰ ক্ষেত্ৰত আগবঢ়াইছে এক বিশেষ সুবিধা।

৯ৰ পৰা ১৩ ছেপ্টেম্বৰৰ ভিতৰত চৰকাৰী আঁচনি চ’ভেৰেইন গোল্ড ব’ণ্ডৰ জৰিয়তে ৰেহাই মূল্যত সোণ কিনাৰ সুবিধা আগবঢ়াইছে মোদী চৰকাৰে। এই আঁচনিৰ জৰিয়তে গ্ৰাহকে বজাৰ দৰতকৈ প্ৰায় ১১০০ টকা ৰেহাই মূল্যত কিনিব পাৰিব সোণ।

উল্লেখ্য যে বৰ্তমান সময়ত সোণৰ দাম প্ৰতি ১০ গ্ৰামত প্ৰায় ৪০ হাজাৰ টকা। এই আঁচনিৰ জৰিয়তে আপুনি ৩৮,৯০০ টকা প্ৰতি দহ গ্ৰামত কিনিব পাৰিব সোণ। লগতে গ’ল্ড বণ্ডত বিনিয়োগ কৰিলে লাভ কৰিব সুদ। ইয়াৰ উপৰি অনলাইনত সোণ কিনিলে পাব ৫০ টকাৰ ৰেহাই।