গোলকগঞ্জ, ২১ ফেব্ৰুৱাৰী, ২০২৪ : বিয়া ঘৰত হঠাৎ উপস্থিত হ’ল আৰক্ষীৰ দল। বিবাহস্থলীৰ পৰাই আটক দৰা, কইনা আৰু কাজীক (Police caught Kazi)। দৰা আৰু কইনাৰ অভিভাৱকো আটক কৰি থানালৈ আনিলে আৰক্ষীয়ে। দুই সন্তনাৰ পিতৃ আইনুল হক এগৰাকী ১৩ বছৰীয়া কিশোৰীক পুনৰ বিবাহ কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

অসম আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে ৰাজ্যত পুনৰ এক বাল্য বিবাহৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ সৈতে বিবাহ কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল দৰা আইনুল হক। দৰা লগতে আৰক্ষীয়ে দৰা আৰু কইনাৰ অভিভাৱক আৰু কাজীসহ কেইবাজনো লোকক আটক কৰে। আটকাধীন লোক সকলক বৰ্তমান থানালৈ আনি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

বাল্য বিবাহৰ এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ গোলকগঞ্জত। বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই গোলকগঞ্জ আৰক্ষীয়ে দৰা, কইনাসহ বাল্য বিবাহৰ লগত জড়িত থকা কেইবাজনো লোকক আটক কৰিছে। আৰক্ষীয়ে অভিযান চলাই বিবাহস্থলীৰ পৰাই আটক কৰে দৰা, কইনাসহ অভিভাৱক আৰু বাল্য বিবাহ সম্পন্ন কৰিবলৈ লোৱা কাজীজনক। এক গোপন খবৰৰ ভিত্তিত গোলোকগঞ্জৰ বৰ চৰাইখোলাত আৰক্ষীয়ে চলাইছিল বাল্য বিবাহ বিৰোধী অভিযান।

মঙলবাৰে নিশাৰ ভাগত গোলোকগঞ্জ আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযানত দুই সন্তানৰ পিতৃ পুনৰ বাল্য বিবাহ কৰিব গৈ ৰঙা ঘৰৰ আলহী হ’ল। প্ৰাপ্ত তথ্য মতে, নিশা গোলোকগঞ্জৰ বিছনদৈৰ ৩৩ বছৰীয়া আইনুল হক নামৰ দুই সন্তানৰ পিতৃ বৰ চৰাইখোলাৰ ছাবেৰ আলী সৰকাৰৰ নাবালিকা কন্যাক বিয়া পাতিবলৈ গৈছিল। এক গোপন খবৰৰ ভিত্তিত এই তথ্য লাভ কৰি গোলোকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত গোলোকগঞ্জ আৰক্ষীৰ এটা দলে অভিযান চলায়। আৰক্ষীৰ অভিযানত বাল্য বিবাহ কৰিবলৈ যোৱা দৰা, ৩৩ বছৰীয়া দুই সন্তানৰ পিতৃ আইনুল হক জালত পৰে।

অভিযানকাৰী আৰক্ষীৰ দলটোৱে বাল্য বিবাহ সম্পাদন কৰিবলৈ যোৱা কাজী সাহাবুদ্দিন মীৰ, দৰাৰ লগত যোৱা ৰফিক সৰকাৰ, নজৰুল সেখ, ধান উদ্দিন সেখক আটক কৰি থানালৈ আনে। নাবালিকা কইনা গৰাকীকো আটক কৰি আৰক্ষীয়ে নিশাই গৌৰীপুৰৰ সখী নামৰ আশ্ৰয় গৃহত থৈ আহে। উল্লেখ্য যে, দুই সন্তানৰ পিতৃ আইনুল হকৰ প্ৰথম পত্নী অন্য পুৰুষৰ লগত পলাই গৈছে। আনহাতে ১৩ বছৰীয়া নাবালিকা কইনা গৰাকীও পূৰ্বতে এবাৰ বিবাহ হোৱা বুলি বিশেষ সুত্ৰৰ পৰা জানিব পৰা গৈছে।