গুৱাহাটী, ২০ ফেব্ৰুৱাৰী, ২০২৪ : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত অভিজ্ঞানমে অহা ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ (Adingiri Theater Festival) ২০২৪ আয়োজন কৰিবলৈ সাজু হৈছে। এইবাৰ গুৱাহাটীৰ দুটা স্থানত আয়োজন কৰা হ’ব এই নাট্য উৎসৱ। অহা ১ আৰু ২ মাৰ্চত গুৱাহাটীৰ মালিগাঁওস্থিত শংকৰদেৱ নগৰৰ আদিংগিৰি পাহাৰৰ অভিজ্ঞানম নাট্যক্ষেত্ৰত মুকলি আকাশৰ তলত অনুষ্ঠানৰ আয়োজন কৰা হ’ব। আনহাতে, ৩ মাৰ্চৰ অনুষ্ঠান ঐতিহ্যমণ্ডিত মাছখোৱাৰ প্ৰাগজ্যোতি আইটিএ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হ’ব।

উল্লেখ্য যে, গুৱাহাটীৰ মালিগাঁওস্থিত অভিজ্ঞানমে নাট্যক্ষেত্ৰত আয়োজন কৰা হৈছিল প্ৰথম ৪ টা সংস্কৰণ। আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৪ ৰ পঞ্চম সংস্কৰণৰ প্ৰথম দিনা অভিজ্ঞানমে সাংস্কৃতিক ক্ষেত্ৰৰ দুগৰাকী প্ৰসিদ্ধ ব্যক্তিক অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰিব। প্ৰয়াত দেৱব্ৰত চৌধুৰীৰ সোঁৱৰণী নাট্য ব্যক্তিত্ব সন্মান ২০২৪ আগবঢ়োৱা হ’ব প্ৰসিদ্ধ নাট্য সমালোচক অতুল মজুমদাৰলৈ আৰু প্ৰয়াত বৰ্ণালী চৌধুৰীৰ সোঁৱৰণীত প্ৰদান কৰা লোকশিল্প সাধনা সন্মান ২০২৪ আগবঢ়োৱা হ’ব বৰবিহুৱা ৰণ্টু শইকীয়ালৈ। আদিংগিৰি ৰাষ্ট্ৰীয় নাট উৎসৱ ২০২৪ ৰ পঞ্চম সংস্কৰণত মুঠ চাৰিখন নাটক প্ৰদৰ্শন কৰা হ’ব।

১ মাৰ্চ শুকুৰবাৰে ‘মেনকা’ নাটেৰে শুভাৰম্ভণিৰ হ’ব উৎসৱৰ। প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঁইৰ মৎস্যগন্ধা উপন্যাসৰ নাট্যৰূপ দিয়া হৈছে। ‘বা’ থিয়েটাৰৰ দ্বাৰা পৰিৱেশিত হ’ব লগা মেনকা নাটখনিৰ নাট্যৰূপ দিছে পাকিজা বেগম আৰু জিমনী চৌধুৰীয়ে। পাকিজা বেগমে নিজেই নাটকখন পৰিচালনা কৰিছে। সন্ধিয়া ৬ বজাত নাট মঞ্চস্থ হ’ব। ২ মাৰ্চ শনিবাৰে অনুষ্ঠানটোৰ দ্বিতীয় দিনা দুখন নাটক পৰিৱেশন কৰা হ’ব। প্ৰথমখন নাট উইলিয়াম শ্বেক্সপীয়েৰৰ জনপ্ৰিয় হেমলেট আৰু উৰিপাডিজৰ মেডিয়া নাটকৰ ওপৰত আধাৰিত ‘টু কিল অৰ নট টু কিল’। দিল্লীৰ অৰ্ণৱ আৰ্টৰ হৈ জিলমিল হাজৰিকাৰ অভিনয়েৰে মঞ্চস্থ হ’ব এই নাটখন আৰু এই নাটখন পৰিচালনা কৰিছে উজবেকিস্তানৰ ওভলিয়াকুলি খোদজাকুলিয়ে। ২ মাৰ্চ শনিবাৰে সন্ধিয়া ৫.৩০ বজাৰ পৰা আৰম্ভ হ’ব নাটখন।

আনহাতে, দিনটোৰ দ্বিতীয়খন নাটক অভিজ্ঞানমে পৰিৱেশন কৰিব লগা ‘গান্ধী বনাম গডছে’। ৰণহাং চৌধুৰীৰ ৰচনা আৰু পৰিচালনা প্ৰস্তুত কৰা নাটখন সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব।আনহাতে, ৩ মাৰ্চ, দেওবাৰে অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোৰ তৃতীয় দিনা অভিজ্ঞানমে সন্ধিয়া ৬ বজাৰ পৰা ‘তৃতীয়’ শীৰ্ষক নাটকখন পৰিৱেশন কৰিব। আন আন নাট্য অভিনেতাৰ লগতে ইয়াত কমল লোচন আৰু অতনু মহন্তই অভিনয় কৰিব আৰু সংগীত ব্যৱস্থাপনা কৰিব অৰূপজ্যোতি বৰুৱাই। নাটকখনৰ ৰচনা, পৰিচালনা আৰু পৰিকল্পনা ৰণহাং চৌধুৰীৰ। উৎসৱটোৰ এই পঞ্চম পৰ্যায়ৰ সংস্কৰণত ৪খন নাটক পৰিৱেশনৰ উপৰি নাটক, চিনেমা, অভিনয় আৰু এই বিষয়ত সম্পৰ্কিত কলাৰ বিভিন্ন দিশৰ ওপৰত কৰ্মশালাৰ আয়োজন কৰা হ’ব।

এই কৰ্মশালাৰ উদ্দেশ্য হৈছে থিয়েটাৰ উৎসাহী বা অনুৰাগীসকলক মুকলি পৰিৱেশত মঞ্চকলাৰ বিষয়ে সজাগ কৰি তোলা আৰু এইক্ষেত্ৰত সম্ভাৱনাৰ দ্বাৰ মুকলি কৰি ক্ষেত্ৰখনৰে জড়িত অভিজ্ঞ ব্যক্তিৰ জৰিয়তে তেওঁলোকক দিহা-পৰামৰ্শ প্ৰদান কৰোৱা আৰু এই মাষ্টাৰক্লাছৰ দ্বাৰা বিভিন্ন দিশৰ অৱতাৰণা কৰা। এই কৰ্মশালাত জনপ্ৰিয় অভিনেতা আৰু পৰিচালক কেনি বসুমতাৰীয়ে চলচ্চিত্ৰ নিৰ্মাণ বিষয়ত মাষ্টাৰক্লাছ প্ৰদান কৰিব। ইয়াৰ লগতে ঝুলন কৃষ্ণ মহন্তই সম্পাদনা বিষয়ত ন ন দিশৰ বিষয়ে অৱগত কৰিব। কলকাতাৰ অভিক ভট্টাচাৰ্যই বিশ্ব ৰংগমঞ্চ বিষয়ত পাঠদান কৰিব। আনহাতে, নয়ন প্ৰসাদে নাট্য ৰচনাৰ বিষয়ে শিক্ষাদান কৰিব, জিলমিল হাজৰিকা, মহেন্দ্ৰ দাস, ধনঞ্জয় দেৱনাথ আৰু ৰূপজোতি মহন্তই অভিনয় বিষয়ত মাষ্টাৰক্লাছ প্ৰদান কৰিব। উৎসৱৰ আয়োজক ৰণহাং চৌধুৰীয়েও এই উৎসৱত নাট্য কলা বিষয়ত এটা সুকীয়া পাঠ প্ৰদান কৰিব।

পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৪ ৰ বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি উৎসৱৰ দায়িত্ববাহী ৰণহাং চৌধুৰীয়ে কয় যে, “কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগিতাত পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৪ৰ আয়োজন কৰিবলৈ আমি সাজু হৈছোঁ। আৰম্ভণিৰে পৰা নাটক আৰু প্ৰকৃতিৰ প্ৰতি থকা প্ৰেমক এখন উমৈহতীয়া মঞ্চত সামৰি ল’ব পৰাকৈ এই নাট্য উৎসৱৰ আয়োজন কৰি অহা হৈছে আৰু এনে চিন্তাৰেই যোৱা ৪ টা সংস্কৰণ সফলভাৱে সমাপন কৰা হৈছে। এইবাৰ আমি দুটা পৃথক স্থানত এই উৎসৱ আয়োজনৰ দিহা কৰিছোঁ। আমাৰ নিজৰ অভিজ্ঞানম নাট্যক্ষেত্ৰৰ লগতে গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত আই টি এ মাছখোৱাত নাট প্ৰদৰ্শনৰ পৰিকল্পনা কৰিছোঁ। আয়োজক সমিতিৰ হৈ মই প্ৰতিজন নাট্যপ্ৰেমীকে উৎসৱত ভাগ লৈ নাটক উপভোগ কৰি সাফল্যমণ্ডিত কৰি তুলিবলৈ আন্তৰিকভাৱে আমন্ত্ৰণ জনাইছোঁ।”