নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ আগষ্ট : ছেপ্টেম্বৰ মাহৰ পৰা চৰকাৰী বিদ্যালয়সমূহত অনুষ্ঠিত হ’ব সগুণোৎসৱ । এইবাৰ গুণোৎসৱৰ পৰিৱৰ্তে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত অনুষ্ঠিত কৰা হ’ব সগুণোৎসৱ । এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা । অসম সৰ্বশিক্ষা অভিযানৰ মিছন সঞ্চালক ছমচেৰ সিঙে ৰাজ্যৰ বিভিন্ন জিলা সমূহলৈ প্ৰেৰণ কৰা এক নিৰ্দেশনাত এই কথা প্ৰকাশ পাইছে ।

অসম সৰ্বশিক্ষা অভিযানে জাৰি কৰা এক নিৰ্দেশনাত বিদ্যালয়সমূহক এই অনুষ্ঠানৰ বাবে প্ৰস্তুত কৰা, অনুষ্ঠান পৰিচালনা কৰাৰ বাবে জিলা সমন্বয়ক মনোনীত কৰাৰ লগতে বিদ্যালয়সমূহ পৰীক্ষণ কৰাৰ বাবে নিৰীক্ষক বাচনি ইত্যাদিৰ ওপৰত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়া হৈছে।

প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ পিয়ল কৰা হ’ব এই সগুণোৎসৱৰ জৰিয়তে। সগুণোৎসৱ অনুষ্ঠিত কৰিবলৈ লোৱা এই ব্যৱস্থাৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী বিদ্যালয়সমূহৰ গুণাগুণ নিৰ্ণয় কৰিবৰ বাবে নিয়োগ কৰা হ’ব বিভিন্ন বিষয়া।