গুৱাহাটী, সংবাদ ৩৬৫, ১৯ মাৰ্চ : গুৱাহাটী মহানগৰীৰ সমীপৰ ক্ষেত্ৰী আৰক্ষীয়ে মঙলবাৰে এক অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই ঠগ-প্ৰৱঞ্চকক । গ্ৰেপ্তাৰ হোৱা দুই ঠগ প্ৰৱঞ্চকৰ এজন ক্ষেত্ৰীৰ মালয়বাৰীৰ কুশল গোস্বামী আনজন ছয়গাঁৱৰ ধীৰেন ৰাজবংশী ।

উল্লেখ্য যে কুশল গোস্বামী নামৰ মালয়বাৰীৰ এই যুৱক জনে নিজকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চিনাকিৰে বিভিন্ন জনক দাবী-ধমকি আৰু ঠগ-প্ৰৱঞ্চনাৰে বিভিন্ন সময়ত ধন দাবী কৰি আহিছিল । শেহতীয়াকৈ কুশল গোস্বামী নামৰ যুৱকজনে ক্ষেত্ৰী থানাৰ এগৰাকী আৰক্ষী বিষয়াৰ কণ্ঠ নকল কৰি এটা ভুৱা ফোন ৰেকৰ্ড বনায় ব্লেক মেইলত লিপ্ত হৈছিল ।

এই সন্দৰ্ভত ক্ষেত্ৰী আৰক্ষীয়ে ব্যাপক তদন্ত চলায়। মঙলবাৰে দিনৰ ভাগত আৰক্ষীয়ে অভিযান চলায় কুশল গোস্বামী নামৰ ঠগটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ছয়গাঁৱৰ ধীৰেন ৰাজবংশী নামৰ লোক জনৰে মিলি ঠগ যুৱকজনে ভুৱা টেলিফোনিক বাৰ্তালাপ প্ৰস্তুত কৰিছিল। এই সন্দৰ্ভতে ধীৰেন ৰাজবংশীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

সম্প্ৰতি আৰক্ষীয়ে এই সন্দৰ্ভত এটি গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে। ঠগ-প্ৰৱঞ্চক কুশল গোস্বামীৰ পৰা চাৰিটা মোবাইল ফোন , এটা চিপিঅ , কেইবাটাও চিল মোহৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

উল্লেখ্য যে অতি কম সময়তে কুশল গোস্বামী নামৰ যুৱকজনে বিলাসী জীৱন কটাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । কুশল গোস্বামী বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰা মাৰুতি আৰ্টিগা বাহন খনো আৰক্ষীয়ে জব্দ কৰে । জব্দ কৰা বাহনখনৰ নম্বৰ এ এছ ০১ ডি ইউ ২০১৮ ।