হোজাই, সংবাদ ৩৬৫, ১২ মাৰ্চ : ২ মাৰ্চৰ পৰা কাৰ্বি আংলং প্ৰশাসনৰ পৰা হোজাই জিলাত চলাইছিল উচ্ছেদ অভিযান। উচ্ছেদৰ সময়ত আৰক্ষীয়ে প্ৰহাৰ কৰিছিল এগৰাকী গৰ্ভৱতী মহিলাক। প্ৰহাৰ কৰাৰ পাছতেই সংকটজনক অৱস্থাত তেখেতৰ এটি নবজাতকৰ জন্ম হয়।

পাছত এক সংকটজনক অৱস্থাত মহিলাগৰাকীক লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল। তাৰপাছত অৱস্থা আৰু বেছি গুৰুত্বলৈ যোৱাত নগাঁওৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হয় । পাছত অধিক সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন কৰোৱা হয় যদিও মহিলাগৰাকীৰ অৱশেষত সোমবাৰে মৃত্যু হয় ।

মহিলাগৰাকীৰ মৃত্যুৰ পাছত মঙ্গলবাৰে মৃতদেহটো শতাধিক ৰাইজে লগত লৈ প্ৰতিবাদ সাৱ্যস্ত কৰে । প্ৰতিবাদ সাব্যস্ত কৰি নৱজাতকৰ ভৰন পোষণৰ লগতে মৃতকৰ পৰিয়ালটোলৈ ১০ লাখ টকাৰ ক্ষতি পূৰণ দাবী কৰে চৰকাৰক।

আনহাতে চৰকাৰ পক্ষৰ পৰা অহা লংকা ৰাজহ চক্ৰ বিষয়াই ৰাইজৰ দাবী সমূহ উপায়ুক্তৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰাৰ আশা দিয়ে ৰাইজক।