গুৱাহাটী, সংবাদ৩৬৫, ১২ মাৰ্চ : দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতাৰ শ্ল’গান দিয়া ৰাজ্যৰ বিজেপি চৰকাৰৰ শেহতীয়া কার্য কলাপে এইবাৰ চকু কপালত তুলিছে। স্বচ্ছ আৰু নিকা প্ৰশাসনৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা চৰকাৰ খনৰ শেহতীয়া পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ ক্ষেত্ৰত হোৱা দুৰ্নীতি আৰু স্বজন তোষণে আকৌ এবাৰ উদঙালে চৰকাৰৰ মিথ্যাচাৰী আৰু প্ৰবঞ্চনাৰ ৰূপটো । মংগলবাৰে অনুষ্ঠিত কৰা এখন সংবাদমেলত এনেদৰে কয় লিবাৰেল ডেমক্ৰেটিক পাৰ্টীৰ সভাপতি গুণ গগৈয়ে।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পদত হোৱা নিযুক্তিৰ সন্দৰ্ভত তেওঁলোকে কয় যে যোৱা বছৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পদত নিযুক্তিৰ বাবে হোৱা পৰীক্ষাত দেখা দিয়া বিভিন্ন ধৰণৰ অনিয়ম আৰু জালিয়াতিৰ তথ্য ফাদিল কৰি প্ৰতিবেদন দাখিল কৰিছিল সৰু সেই মৰ্মেই উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনা যুগে ৰাজ্য চৰকাৰক উক্ত পৰীক্ষাৰ ফলাফল ঘোষণা নকৰিবলৈ নিৰ্দেশ দিছিল।

ব্লুম ইলেক্ট্ৰনিকচ নামৰ কোম্পানীয়ে অনুষ্ঠিত কৰা পৰীক্ষাত মুঠ ১,৮০,০০০ পৰীক্ষাৰ্থীৰ পৰা ৯৪৫ জনক নীতি বৰ্হিভূতভাৱে নিযুক্তি দিয়া হ’ল। কিন্তু ব্যাপক অনিয়মৰ প্ৰতিবেদন দিয়াৰ পাছতো কি দৰে চৰকাৰে এই নিযুক্তি প্ৰক্ৰিয়া কৰিলে। চৰকাৰে কব খোজে এই প্ৰক্ৰিয়া সম্পূৰ্ণ নিকা আৰু স্বচ্ছ আছিল। ৰাইজৰ হেঁচাত চৰকাৰে যদিও এজনীয়া আয়োগৰ দ্বাৰা এক তদন্তৰ ঘোষণা কৰিছে কিন্তু ৰাইজে এই তদন্তক আশ্বাসত লব পৰা নাই।

সংবাদমেলত লিবাৰেল ডেমক্ৰেটিক পাৰ্টিয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পদত নিযুক্তিৰ তীব্ৰ বিৰোধীতা কৰি এক উচ্চ স্তৰীয় চি বি আই পৰ্যায়ৰ তদন্তৰ দাবী জনায় আৰু লগতে কয় যে তদন্ত প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে এই নিযুক্তি বাতিল হওঁক।