ৰমজান খান
চেঙা, ১০ ফেব্ৰুৱাৰী, ২০২৪ : হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ সাজু হোৱা ছাত্ৰ-ছাত্ৰী (Students) সকলক সম্বৰ্ধনা। নিজৰ গাঁঠিৰ ধন ভাঙি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিতৰণ কৰিলে কলম, কঠাল গছৰ পুলি আৰু চকলেট। এগৰাকী সমাজ কৰ্মীয়ে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে শুভেচ্ছা জনালে হাইস্কুল শিক্ষান্ত পৰীক্ষা দিৱলৈ সাজু হোৱা ছাত্ৰ-ছাত্ৰী সকলক।
হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। অন্তিমবাৰৰ বাবে এইবাৰ অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। অহা বছৰৰ পৰা আৰু অনুষ্ঠিত নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ সাজু হোৱা ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰিবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে এগৰাকী সমাজ কৰ্মীয়ে।
এইবাৰ অন্তিমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ সাজু হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনালে সমাজ কর্মী গৰাকীয়ে।শনিবাৰে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ হৰিপুৰ গাঁৱৰ ড° এ পি জে আব্দুল কালাম একাডেমীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ সাজু হোৱা ছাত্ৰ-ছাত্ৰী সকলক একোখন ফুলাম গামোচা, কঠাল গছ, ফুলগছ, কলম আৰু চকলেটৰে সম্বৰ্ধনা জ্ঞাপন কৰে সমাজ কৰ্মী আজিজুল হকে। সৰুক্ষেত্ৰী সমষ্টিৰ খুদ্ৰফালাদি গাঁৱৰ সমাজ কর্মী আজিজুল হকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ সাজুহৈ থকা হৰিপুৰ গাঁৱৰ ড° এ পি জে আব্দুল কালাম একাডেমীৰ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰে।
সমাজ কর্মী আজিজুল হকৰ সম্বৰ্ধনা আৰু শুভেচ্ছা লাভ কৰি ছাত্ৰ-ছাত্ৰী সকল উৎসাহিত হোৱাৰ লগতে আনন্দ প্ৰকাশ কৰে। সমাজ কর্মী গৰাকীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অঞ্চলটোৰ যি সকল ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হব সেইসকল ছাত্ৰ-ছাত্ৰীক তেওঁ নিজৰ ফালৰ পৰা পুৰস্কৃতি কৰিব বুলিও জানিবলৈ দিয়ে। লগতে সমাজ কর্মী গৰাকীয়ে বহৰিস্থিত নিজৰ দীক্ষা কম্পিউটাৰ ট্ৰেইনিং চেণ্টাৰৰ ফালৰ পৰাও উক্ত ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে।
এই সম্বৰ্ধনা আৰু শুভেচ্ছা জ্ঞাপন অনুষ্ঠানত উপস্থিত থাকে মেহেৰাবুছ ছিদ্দিক; উপাধ্যক্ষ, ড° এ পি জে আব্দুল কালাম একাডেমী; জয়নাল মিৰ; মজনুৰ ৰহমান; মইনাল হক; নুৰ হুছেইন; জাহাঙ্গীৰ আলম; জেহেৰুল ইছলাম; মুনা মানস প্ৰতীম মেধি আৰু ড° এ পি জে আব্দুল কালাম একাডেমীৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল। সমাজ কর্মী আজিজুল হকৰ এই পদক্ষেপক সকলোৱে শলাগ লয়।