গুৱাহাটী : মহানগৰ আৰক্ষীয়ে পুনৰ জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা। পুনৰ এখন ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে কোটি টকা মূল্যৰ গাঞ্জা (Ganja Seized)। গোপন খবৰৰ ভিত্তিত চলিছিল আৰক্ষীৰ অভিযান। এই বৃহৎ পৰিমাণৰ গাঞ্জাসহ আৰক্ষী জালত দুজন গাঞ্জা সৰবৰাহকাৰী।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। আৰক্ষীৰ অভিযানত প্ৰতিদিনে ৰাজ্যত বিভিন্ন প্ৰকাৰৰ নিচাজাতীয় সামগ্ৰী জব্দ হৈ আছে। আৰক্ষীৰ অভিযানকালত জালত পৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতো অসমৰ মাজেৰে সৰবৰাহ হৈ আছে বিভিন্ন প্ৰকাৰৰ নিচাজাতীয় সামগ্ৰী।

ড্ৰাগছ মুক্ত অসমৰ লক্ষ্যৰে অসম আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ পিছৰে পৰা ড্ৰাগছ সৰবৰাহকাৰী সকলে ন ন কৌশল অৱলম্বন কৰি অসমৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই আছে। ইয়াৰ মাজতে আৰক্ষীয়ে বিভিন্ন সময়ত ড্ৰাগছ সৰবৰাহকাৰী সকলৰ কৌশল বিফল কৰিবলৈ সক্ষম হৈছে।

পুনৰ অসম আৰক্ষীৰ এটা দলে ড্ৰাগছ সৰবৰাহকাৰীৰ কৌশল বিফল কৰি বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে। মহানগৰীৰ কাষৰীয়া যোৰাবাটত আৰক্ষীয়ে এই সাফল্য লাভ কৰে।যোৰাবাট আৰক্ষীৰ এটা দলে এখন ট্ৰাকৰ পৰা জব্দ কৰে ১০১ কেজি গাঞ্জা। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীৰ দলটোৱে এইচপি-৬২বি-৫০৮৮ নম্বৰৰ টকাত তালাচী চলাই গাঞ্জাখিনি জব্দ কৰে।

যোৰাবাট আৰক্ষী থানাৰ আৰক্ষী বিষয়া কপিল পাঠকে জানিবলৈ দিয়ে যে মহানগৰৰ যুটীয়া আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তৰ গোপন খবৰৰ ভিত্তিত শনিবাৰে যোৰাবাট আৰক্ষীয়ে ট্ৰাকখনত অতি কৌশলেৰে গোপন চেম্বাৰত লুকুৱাই অনা গাঞ্জাখিনি জব্দ কৰে। আৰক্ষীয়ে গাঞ্জাখিনিৰ লগতে দুজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে। জব্দকৃত গাঞ্জাখিনিৰ মূল্য ১ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।