নিউজ ডেস্ক, ১৮ মাৰ্চ, ২০২৫ : অবৈধ প্ৰব্ৰজনকাৰী (Illegal Immigrants) (বাংলাদেশী আৰু ৰহিংগীয়া) চিনাক্ত কৰাৰ যুঁজ অব্যাহত ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ধৰ্মনগৰ আৰু আগৰতলা ৰে’ল ষ্টেচনত অনুসন্ধানৰ সময়ত ১১ জন অবৈধ প্ৰব্ৰজনকাৰী আৰু ২ জন ভাৰতীয় এজেণ্টক আটক কৰে। ১৫ ফেব্ৰুৱাৰীত আগৰতলাৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে আগৰতলা ৰে’ল ষ্টেচনত এক নিয়মীয়া অনুসন্ধান অভিযান চলায়। অনুসন্ধানৰ সময়ত দলটোৱে ষ্টেচনত ২ গৰাকী মহিলা বাংলাদেশী নাগৰিকক চিনাক্ত কৰে।

সোধা পোছা কৰাৰ পিছত, মহিলা দুগৰাকীয়ে কোনো ধৰণৰ বৈধ পৰিচয়ৰ পত্ৰ দেখুৱাব নোৱাৰিলে। পৰৱৰ্তী সময়ত মহিলা দুগৰাকীয়ে স্বীকাৰ কৰিছে যে তেওঁলোকে বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছে। পিছত, অবৈধ দুই মহিলা প্ৰব্ৰজনকাৰীক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আগৰতলাৰ চৰকাৰী ৰেলৱে আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত অৰ্পণ কৰা হয়।

ষ্টেচন আৰু ৰে’লত অবৈধ প্ৰব্ৰজনকাৰী, ৰহিংগীয়া আৰু সন্দেহযুক্ত লোকসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে নিয়মীয়াকৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ষ্টেচন আৰু ৰে’লত নিয়োজিত ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে এনে ধৰণৰ যিকোনো সন্দেহজনক গতিবিধি ধৰা পেলোৱাৰ বাবে বিভিন্ন স্তৰত অতি সতৰ্কতা অৱলম্বন কৰি আহিছে।