গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী, ২০২৪ : উত্তৰ-পূৰ্বাঞ্চল (North East) দেশৰ ক্ৰীড়াৰ অন্যতম শক্তিশালী স্থান হিচাপে পৰিগণিত হোৱাৰ সময়তে অসমেও এই গৌৰৱময় যাত্ৰাৰ অংশীদাৰ হৈ ৰাজ্যৰ পৰা কেইবাজনো ভাৰত গৌৰৱ খেলুৱৈ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ অসমৰ এই সফলতাৰ অন্তৰালত আছে ৰাজ্য চৰকাৰৰ খেলুৱৈক সহায়ৰ বাবে গ্ৰহণ কৰা বিভিন্ন অভিজাত আঁচনিৰ লগতে ক্ৰীড়াৰ আধুনিক আন্তঃগাঁথনি৷ অসম চৰকাৰে ৰাজ্যত ধাৰাবাহিক ৰূপত বিভিন্ন স্তৰৰ ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰি খেলুৱৈক উৎসাহিত কৰাৰ লগতে উন্নত প্ৰশিক্ষণ দিয়াৰ দিশতো কাম কৰিছে৷

আমিনগাঁৱৰ ‘নেচনেল চেণ্টাৰ অব এক্সিলেন্স’ মুকলি কৰাৰ পাছত শেহতীয়াকৈ সৰুসজাই ক্ৰীড়া প্ৰকল্প আৰু যোৰহাটত উচ্চমানসম্পন্ন ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ স্থাপন কৰিছে৷ অসম চৰকাৰে কোকৰাঝাৰতো আন এটা হাই পাৰফৰমেন্স চেণ্টাৰ স্থাপনৰ বিষয়ে অবগত কৰিছে৷ ৰাজ্যখনৰ খেলুৱৈসকলক আধুনিক প্ৰশিক্ষণৰে সুদক্ষ কৰাৰ লক্ষ্যৰে এই কাম কৰা হৈছে৷ আনহাতে, ৰাজ্যৰ সকলো অঞ্চলৰ খেলুৱৈসকলে যাতে আধুনিক প্ৰশিক্ষণ তথা অনুশীলনৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই কেন্দ্ৰসমূহ অত্যাধুনিক সা-সুবিধা আৰু উন্নত ক্ৰীড়া প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে৷

হাই পাৰফৰমেন্স চেণ্টাৰসমূহৰ মূল লক্ষ্য হৈছে বৈজ্ঞানিক মূল্যায়ন, ফিজিঅ’থেৰাপি আৰু পুনৰ্বাসন সেৱা আগবঢ়াই খেলুৱৈসকলক সহায় কৰা৷ এই কেন্দ্ৰসমূহে খেলুৱৈসকলৰ কণ্ডিচনিং আৰু প্ৰশিক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব৷ তথ্য চালিত মূল্যায়ন আৰু প্ৰশিক্ষণৰ বাবে উন্নত সঁজুলিৰ ব্যৱহাৰৰ জৰিয়তে তেওঁলোকৰ মানসিক আৰু শাৰীৰিক সুস্থতা নিশ্চিত কৰিব৷ এই কেন্দ্ৰসমূহত বিভিন্ন বিশেষ লেব আছে, য’ত আছে মোচন এনালাইছিছ লেব, গেইট, আৰু বায়’মেকানিক্স লেব, পেৰা-এথলীটছ পাৰফৰমেন্স লেব, বায়’মেকানিক্স আৰু প’ষ্টুৰেল লেব আদি৷

আনহাতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৱস্থিত নেহৰু ষ্টেডিয়ামক অলিম্পিক পৰ্যায়ৰ ফুটবল ষ্টেডিয়ামলৈ উন্নীত কৰাৰ কামো অসম চৰকাৰে আৰম্ভ কৰিছে৷ উল্লেখ্য যে ১৯৬২ চনত নিৰ্মিত এই ষ্টেডিয়ামখন ২০০৭ চনত সৰুসজাই ক্ৰীড়া প্ৰকল্প মুকলি হোৱালৈকে একমাত্ৰ বহুমুখী ষ্টেডিয়াম আছিল৷ ইফালে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে চৰকাৰে আমিনগাঁৱত আন এখন বহুমুখী ষ্টেডিয়াম নিৰ্মান কৰাৰ লগতে চন্দ্ৰপুৰতো একেধৰণৰ অত্যাধুনিক ষ্টেডিয়াম নিৰ্মান কৰা হ’ব৷

উল্লেখ্য যে অসম চৰকাৰ আৰু ভাৰতীয় বেডমিণ্টন ফেডাৰেছনৰ যৌথ উদ্যোগ গুৱাহাটীৰ আমিনগাঁৱত নেচনেল চেণ্টাৰ অৱ এক্সেলেন্স হৈছে এক অত্যাধুনিক ইনড’ৰ ষ্টেডিয়াম য’ত আছে ২৪ খন বেডমিণ্টন ক’ৰ্ট৷ প্ৰথম পৰ্যায়ত ৬০ জন খেলুৱৈৰ প্ৰশিক্ষণৰ বাবে কেন্দ্ৰটো ডিজাইন কৰা হৈছে৷ এই কেন্দ্ৰটোত আধুনিক ফিটনেছ সঁজুলিৰে সৈতে চাৰি হাজাৰ বৰ্গফুটৰ জিমনেছিয়াম, খেলুৱৈৰ বাবে ৬০ বিচনাযুক্ত হোষ্টেল, যোগাসন কেন্দ্ৰ আৰু ২০০০ বৰ্গফুটৰ নিৰ্দিষ্ট ফিজিঅ’থেৰাপি কেন্দ্ৰৰ ব্যৱস্থা আছে যাতে খেলুৱৈসকলে তেওঁলোকৰ শীৰ্ষ প্ৰদৰ্শন বজাই ৰাখিবলৈ সৰ্বোচ্ছ যত্ন আৰু সমৰ্থন লাভ কৰে৷ ৪০ হেজাৰ বৰ্গফুট এলেকাত বিস্তৃত এই কেন্দ্ৰটোৱে ভাৰতীয় বেডমিণ্টনৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে যিয়ে অসমৰ লগতে দেশৰ গৌৰৱময় ভৱিষ্যতকো শক্তিশালী কৰিব৷