গুৱাহাটী, সংবাদ ৩৬৫,২৮ফেব্ৰুৱাৰী: ৰাজ্য খনৰ কেইবাটাও বিষয়ৰ ওপৰত জামাত-ই-ইছলামী হিন্দে প্ৰতিক্ৰিয়া ব্যক্ত কৰিবৰ বাবে বৃহস্পতিবাৰে গুৱাহাটীৰ আমবাৰীৰ প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে।

ৰাজ্যখনত সংঘটিত সুৰা ট্ৰেজেডীৰ ঘটনাক তীব্ৰ নিন্দা আৰু গৰিহণা দিয়ে জামাত-ই-ইছলামী হিন্দ উত্তৰ-পূব মণ্ডলে। সুৰা পান কৰি মৃত্যু হোৱা প্ৰত্যেকগৰাকী ব্যক্তিৰ পৰিয়াললৈ শোকবেদনা জ্ঞাপন কৰাৰ লগতে অসুস্থ হৈ থকা লোকসকলৰ আশু আৰোগ্য কামনা কৰে জামাত-ই-ইছলামী হিন্দে। চৰকাৰক দাবী জনাই তেওঁলোকে কয় যে মৃত্যু হোৱা প্ৰতিজন লোকৰ পৰিয়ালক পৰ্যাপ্ত পৰিমানে ক্ষতিপূৰণ দিয়াৰ লগতে নাবালক শিশুসকলৰ শিক্ষা-দীক্ষাৰ দায়িত্ব চৰকাৰে লব লাগে। ইয়াৰোপৰি উক্ত ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি ঘটনাৰ লগত জড়িত দোষী ব্যক্তিসকলক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰাৰো দাবী জনায়।

সংবাদমেলত তেওঁলোকে কয় যে সুৰাক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগে। সামাজিক অপৰাধৰ মূল উৎস সুৰাপান। ইছলাম ধৰ্মটো সেই কাৰণেই সুৰাক নিষিদ্ধ ঘোষণা কৰা হৈছে।

আনহাতে, বিদেশী চিনাক্ত কৰাৰ নামত একাংশ ভাৰতীয় নাগৰিকৰ নামত বিদেশীৰ জাননী প্ৰেৰণ কৰি হাৰাশাস্তি কৰা ঘটনাৰ কথাও সংবাদমেলত তেওঁলোকে ব্যক্ত কৰে।সেনাবাহিনীত কৰ্মৰত তিনিজন যুৱকক বিদেশীৰ জাননী দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে জামাত-ই-ইছলামী হিন্দে।

সংবাদমেলত তেওঁলোকে কয় যে যিহেতু এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি আছে গতিকে এই এনে সময়ত বিদেশীৰ জাননী জাৰি কৰা প্ৰক্ৰিয়া বন্ধ কৰিব লাগে। এন আৰ চি সম্পূৰ্ণ হৈ প্ৰকাশ পালে কোন বিদেশী আৰু কোন স্বদেশী সেইয়া চিনাক্ত হব। গতিকে বিদেশীৰ নামত নটিচ প্ৰেৰণ কৰি একাংশ ভাৰতীয় লোকক হাৰাশাস্তি কৰাৰ অপচেষ্টা বন্ধ কৰাৰ দাবী জনায় উক্ত সংগঠনটোৱে।