জাতিংগা, ২৫ অক্টোবৰঃ ডিমা হাছাও জিলাৰ জাতিংগাত অনুমতি বিহীন তথ্যচিত্ৰৰ নামত পৰিভ্ৰমী চৰাই নিধনত নামিছে স্থানীয় ব্যৱসায়ী আৰু বিদেশী পৰ্যটক। জাতিংগাত চাহ বাগানৰ স্বত্বাধিকাৰীৰ পুত্ৰ আনন্দ চেটাৰ্জী আৰু এজন ব্ৰাজিলৰ পৰ্যটকে স্থানীয় গাওঁবাসীক ধনৰ লোভ দি জাতিংগাত চলাইছে পৰিভ্ৰমী চৰাইৰ নিধন যজ্ঞ। অনুমতি বিহীন তথ্যচিত্ৰ নিৰ্মাণৰ নামত যোৱাকালি জাতিংগাত লাইট জ্বলাই পৰিভ্ৰমী চৰাই নিধনৰ বাবে কেইজনমান স্থানীয় লোকক নিয়োগ কৰি দৃশ্য গ্ৰহণ কৰে আনন্দ চেটাৰ্জী আৰু ব্ৰাজিলৰ পৰ্যটকজনে।বহিৰাগত ব্যৱসায়ী আনন্দ চেৰ্টজীৰ উচটনিত তথ্যচিত্ৰ নিৰ্মাণৰ নামত জাতিংগাত কেবাশতাধিক পৰিভ্ৰমী চৰাই নিধন হোৱাৰ খবৰ পাই বন বিভাগ ঘটনাস্থলীত উপস্থিত হৈ কেইবাটাও জীৱিত চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চৰাই নিধনৰ লগত জড়িত লোককেইজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।এই ঘটনাত প্ৰকৃতি প্ৰেমী ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সেউজীয়া প্ৰাকৃতিক পৰিবেশ আৰু চৰাই বাবে জাতিংগা পৃথিৱী বিখ্যাত। জাতিংগাৰ মনমোহা প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি আকৰ্ষিত হৈ প্ৰতি বছৰে ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহলৈ জাতিংগাত আগমন ঘটে লাখ লাখ পৰিভ্ৰমী চৰাইৰ। বিশেষ বতৰত এই পৰিভ্ৰমী চৰাইবোৰে নিশা পোহৰ দেখা পালে পোহৰৰ প্ৰতি আকৰ্ষিত হয় অৰু ইয়াৰে সুযোগ লৈ কিছুমান দুষ্কৃতিকাৰীয়ে চৰাই নিধনত নামে। যোৱা কেবাদিন ধৰি আনন্দ চেটাৰ্জী নামৰ ব্যৱসায়ীজনে ইয়াৰে সুযোগ লৈ তথ্যচিত্ৰ নিৰ্মাণৰ নামত কেইজনমান লোকক টকাৰ বিনিময়ত চৰাই নিধনৰ উচটনি দি আহিছিল বুলি স্থানীয় কেইজনমান লোকে জানিবলৈ দিয়ে।
ভিডিঅ’ চাবলৈ তলৰ লিংকত ক্লিক কৰক,
https://www.youtube.com/edit?o=U&video_id=cP7ym74iLjE