ৰঙিয়া, ২৪ অক্টোবৰঃ ৰঙিয়াৰ তুলসীবাৰীত অহা ধুমুহাত অঞ্চলটোৰ বিস্তৰ ক্ষতি সাধন হয়। বিধ্বংসী ধুমুহাত কথমপি প্ৰাণৰক্ষা পৰে এখন বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ। ধুমুহাত তুলসীবাৰী বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ কাষত থকা এডাল প্ৰকাণ্ড আহত গছ ভাগি বিদ্যালয়ৰ ওপৰত পৰে। গছজোপা ভাগি পৰাত ছাত্ৰ ছাত্ৰী সকলৰ মাজত হুৱাদুৱা লাগে। অৱশ্যে দুৰ্ঘটনাৰ সময়ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল বাহিৰত থকাত কথমপি ৰক্ষা পৰে।