গুৱাহাটী, ১২ নৱেম্বৰ, ২০২৩ : এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire Incident)। অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ এগৰাকী মহিলাৰ মৃত্যু। অগ্নিকাণ্ডত ভস্মীভূত হয় কেইবালক্ষাধিক টকাৰ সম্পত্তি। আৰক্ষী, স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দলে দীর্ঘসময় ধৰি প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে জুইৰ লেলিহান শিখাই।
কালীপূজা আৰু দেৱালীৰ আনন্দৰ মাজতে মহানগৰীৰ কাষৰীয়া যোৰাবাট অঞ্চলত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। যোৰাবাটৰ শংকৰ ভোজনালয়ৰ সমীপত সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডত এগৰাকী মহিলা অগ্নিদগ্ধ হৈ মৃত্যুৰ মুখত পৰে। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে পাঁচটাকৈ গৃহ। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতি অথবা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
জুইৰ সূত্ৰপাত হোৱাৰ পিছত তিনিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটে বুলি স্থানীয় ৰাইজে জানিব দিয়ে। ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পিছতে জুইৰ লেলিহান শিখাই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে। স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ চেষ্টা চালয় যদিও জুইৰ লেলিহান শিখাই বাসগৃহ কেইটা আৱৰি ধৰে। পিছতে অগ্নিকাণ্ডৰ খবৰ পাই আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত দীৰ্ঘসময় ধৰি প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
অগ্নিকাণ্ডত কেইবালক্ষাধিক টকাৰ সম্পত্তি লগতে বাসগৃহ কেইটাত বসবাস কৰা লোক সকলৰ সকলো নথিপত্ৰ জাহ যায়। অগ্নিকাণ্ডৰ ফলত অগ্নিদগ্ধ হৈ মৃত্যুৰ মুখত পৰা মহিলা গৰাকী সুজাতা চৌধুৰী বুলি জানিব পৰা গৈছে। ইফালে হোজাইৰ লামডিংৰ কালিবাৰী অঞ্চলটো এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডত পাৰ্থ সেনগুপ্ত নামৰ এজন ব্যক্তিৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে।