সাৰভোগ, ১২ নৱেম্বৰ, ২০২৩ : গ্ৰেপ্তাৰ হ’ল গুণ্ডাগিৰী কৰা বিজেপি নেত্ৰী (BJP Leader)। ছাত্ৰ সন্থাৰ কাৰ্যালয়ত গুণ্ডাগিৰী চলোৱা বিজেপি নেত্ৰী গ্ৰেপ্তাৰ। ছাত্ৰ সন্থাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি বিজেপি নেত্ৰী গৰাকীয়ে লাঠিৰে আক্ৰমণ কৰিছিল ছাত্ৰ সন্থাৰ নেতাক। শনিবাৰে ছাত্ৰ নেতাক আক্ৰমণ কৰা বিজেপি নেত্ৰী গৰাকীক দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বিজেপি নেত্ৰী গৰাকীৰ লগতে তেওঁৰ পুত্ৰকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

শনিবাৰে ছাত্ৰ সন্থাৰ কাৰ্যালয়ত হাতত লাঠিলৈ প্ৰৱেশ কৰি ছাত্ৰ সন্থাৰ নেতাক আক্ৰমণ কৰিছিল বিজেপি নেত্ৰী অঞ্জলি দাসে। ইয়াৰ পিছতে দেওবাৰে ছাত্ৰ সন্থাৰ নেতা-কর্মীয়ে বিজেপি নেত্ৰী গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে আৰক্ষী থানাৰ সন্মুখত। ছাত্ৰ সন্থাৰ প্ৰতিবাদ চলি থকাৰ মাজতে আৰক্ষীয়ে বিজেপি নেত্ৰী অঞ্জলি দাস আৰু তেওঁৰ পুত্ৰক গ্ৰেপ্তাৰ কৰি থানালৈ আনে। বিজেপি নেত্ৰী অঞ্জলি দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতে থানাৰ সন্মুখত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।

শনিবাৰে বৰপেটা জিলাৰ সাৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীয়ে বৃহৎ জয়লাভ সাব্যস্ত কৰে। বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভৰ পিছতে বিজয়ী প্ৰাৰ্থী সকলক লৈ বিজয় উৎসৱ পালন কৰে বৰনগৰ ছাত্ৰ সন্থাৰ নেতা- কর্মী সকলে। এই বিজয় উৎসৱৰ সময়তে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কর্মী লগত ছাত্ৰ সন্থাৰ নেতা-কৰ্মীৰ সংঘাতৰ সৃষ্টি হয় যদিও কিছুসময় পিছত পৰিস্থিতি নিয়ন্ত্ৰণ লৈ আহে।

উক্ত ঘটনাৰ পিছতে সাৰভোগ পৌৰাসভাৰ উপ-পৌৰপতি সম্পদ দাসৰ পত্নী তথা বিজেপি নেত্ৰী অঞ্জলি দাস হাতত লাঠিলৈ প্ৰৱেশ কৰে বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত। অঞ্জলি দাসে লাঠিৰে আক্ৰমণ কৰিবলৈ ধৰে ছাত্ৰ সন্থাৰ নেতা সকলক। ইয়াকে কেন্দ্ৰ কৰি ছাত্র সন্থাৰ কাৰ্যালয়ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। অঞ্জলি দাসৰ আক্ৰমণত আহত হয় মৃণাল তালুকদাৰ আৰু পলাশ দাস।

শনিবাৰে বৰনগৰ ছাত্ৰ সন্থাই উক্ত ঘটনা সন্দৰ্ভত সাৰভোগ আৰক্ষী থানাত অভিযোগ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। ফলত দেওবাৰে ছাত্ৰ সন্থাৰ নেতা-কর্মী সকলে সাৰভোগ আৰক্ষী থানাৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। অঞ্জলি দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীৰে ছাত্ৰ সন্থাৰ প্ৰতিবাদ চলি থকাৰ মাজতে আৰক্ষীয়ে অঞ্জলি দাসক পুত্ৰসহ গ্ৰেপ্তাৰ কৰি থানালৈ আনে। এই ঘটনাই সমগ্ৰ সাৰভোগ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।