গুৱাহাটী, সংবাদ ৩৬৫, ২৫ জুন : নিজবাসগৃহ আহি পালে জুলিৰাণী কলিতাৰ নশ্বৰদেহ । এগৰাকী ধুনীয়া যুৱতী ভৰযৌৱনকালত নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে যুৱতীগৰাকী । মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত হাৰ মানি গ’ল যুৱতীগৰাকীয়ে ।

গুৱাহাটী মহানগৰীৰৰ সমীপৰ ধাৰাপুৰ মাজিৰ গাওঁৰ জুলিৰাণী কলিতা নামৰ যুৱতীগৰাকী আক্ৰান্ত হৈছিল দুৰাৰোগ্য কৰ্কত ৰোগত । যোৱা কেইবামাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকি যুৱতীগৰাকীৰ চিকিৎসাৰ নামত ঘৰ-মাটি বিক্ৰী কৰিছিল পৰিয়ালৰ লোকে । তথাপিও যেন সুস্থ হোৱা নাছিল যুৱতীগৰাকী । তাৰপিছতে স্থানীয় যুবক-যুৱতী আৰু ৰাইজৰ সহায়ৰ ফলত উন্নত চিকিৎসাৰ বাবে বেংগুলুৰুলৈ লৈ যোৱা হৈছিল জুলিৰাণীক তাত কিছু উন্নত হৈ জুলিৰাণীয়ে কৈছিল “মোক সহায় কৰা মানুহ ইমান আছে সকলোকে মই কিদৰে ধন্যবাদ দিম” তাৰপিছতে পুনৰ অৱনতি ঘটিছিল জুলিৰাণীৰ স্বাস্থ্যৰ পৰিয়ালৰ লোকে চৰকাৰলৈ সহায়ৰ হাত মগাত চৰকাৰে অটল অমৃতৰ পৰা ২লাখ টকা দিছিল যদিও সেয়া পৰ্যাপ্ত নহল । যাৰফলত ৰবিবাৰে নিশা নিয়তিৰ ওচৰত হাৰ মানি মৃত্যুক আকোৱালি ল’লে জুলিৰাণীয়ে ।

অৱশ্যে চৰকাৰে বেংগুলুৰু চিকিৎসালয়ত বাকী থকা সমগ্ৰ খৰছ বহন কৰাৰ লগতে ঘৰলৈ লৈ অনা সকলো যাৱতীয় খৰছ বহন কৰি আজি জুলিৰাণীৰ কলিতাৰ নশ্বৰদেহ বিমানযোগে লৈ আনে ।

বিমানবন্দৰৰ পৰা পোনে পোনে নিজবাসগৃহ লৈ অনা হয় । বাসগৃহ আহি পোৱাৰ পিছতে কান্দোনৰ ৰোলত ভাগি পৰে সকলো । আত্মীয়ৰ কান্দোনে সকলোৰে চকু সেমেকাই পেলাই । মাকেও কৈছিল “মাইনাক জুই নিদিবি তাই কষ্ট পাব” । যেন ঘৰখনৰ সকলো দুখ ভাগি পৰিল পৰিয়াতলৈ । বাসগৃহত শেষ শ্ৰদ্ধা জ্ঞাপন জুলিৰাণীৰ নশ্বৰদেহ সৎকাৰৰ বাবে লৈ যোৱা হয় ।