নিউজ ডেস্ক, ৯ আগষ্ট, ২০২৬ : বিগত দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল (Football) প্ৰতিযোগিতাত ক্ৰমাগত দ্বিতীয় মেচত জয়ৰে গ্ৰুপত নিজৰ শীৰ্ষস্থান অক্ষুন্ন ৰাখিছে৷ ৰাজকীয় জয়ৰে অভিযান আৰম্ভ কৰা দলে শনিবাৰে দ্বিতীয় মেচত প্ৰতিদ্বন্দ্বী অসমৰ ক্লাব কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিক ৪-১ গ’লত পৰাস্ত কৰে৷

অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘এফ’ৰ মেচখনৰ প্ৰথমাৰ্ধত উভয় দলে এটাকৈ গ’ল কৰিছিল৷ খেলৰ সাত মিনিটতে নৰ্থ ইষ্ট দলে লাভ কৰা পেনাল্টিক মৰক্কোৰ তাৰকা ষ্টাইকাৰ আজাৰায়ে গ’ল কৰি দলক প্ৰথমে অগ্ৰগতি দিয়ে৷ কিন্তু মৰ্ণিং ষ্টাৰৰ হৈ ২৭ মিনিট কেড্ৰিক জুনিয়ৰে গ’ল কৰি মেচত ১-১ ত সমতা স্থাপন কৰে৷

কিন্তু দ্বিতীয়াৰ্ধত প্ৰশিক্ষক প্ৰেড’ বেনানিয়ে ৰণনীতি সলনি কৰি আক্ৰমণত অতিৰিক্ত খেলুৱৈক সুযোগ দিয়ে৷ ৪৮ মিনিটত আজাৰায়ে দ্বিতীয় গ’ল কৰাৰ পাছত মেকাৰটনে ৮৩ মিনিটত ব্যৱধান ৩-১ কৰিবলৈ সক্ষম হয়৷ আনহাতে, ইঞ্জৰী টাইমত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ চতুৰ্থটো গ’ল কৰে ইথিয়ানে৷ উল্লেখ্য যে নৰ্থ ইষ্ট ইউনাইটেডে প্ৰথমখন মেচত অসমৰে আন এটা ক্লাব বড়োলেণ্ড এফ চিক ৬-০ গ’লত পৰাস্ত কৰিছিল৷

গ্ৰুপৰ অন্তিম মেচ দলে জন্মু-কাশ্মীৰৰ এফ চি ওৱানৰ বিৰুদ্ধে খেলিব৷ অহা ১১ আগষ্টত এই মেচখন অনুষ্ঠিত হ’ব৷ ইফালে, শনিবাৰৰ পৰাজয়ৰ পাছত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ বিদায় নিশ্চিত হৈছে৷ ইয়াৰপূৰ্বে দলে এফ চি ওৱানৰ বিৰুদ্ধে প্ৰথম মেচত পৰাস্ত হৈছিল৷ অন্তিম মেচত দলে অহা ১৩ আগষ্টত বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে খেলিব৷

প্ৰতিযোগিতাখনৰ শনিবাৰে হোৱা আন এখন মেচত শ্বিলং লাজং দলে আই এছ এল দল মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে ৫-০ গ’লত জয়লাভ কৰিছে৷ শ্বিলঙৰ জৱহৰলাল নেহৰু ষ্টেডিয়ামত হোৱা গ্ৰুপ ‘ই’ৰ মেচখনত লাজঙৰ হৈ ছানাই দুটা তথা ফিগো, ট্ৰেমিকি আৰু অভয়ে এটাকৈ গ’ল দিয়ে৷ উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷