কাজিৰঙা, ২ অক্টোবৰঃ চলিত বছৰত দুবাৰকৈ বানপানীয়ে জলমগ্ন কৰাৰ  পিছত কাজিৰঙাত এতিয়া হাজাৰ হাজাৰ দেশী বিদেশী পৰ্য্যটকেৰে ভৰি পৰিছে।  অসম গৌৰৱ এশিঙীয়া গঁড়ৰ লগতে কাজিৰঙাৰ মনমোহা প্ৰাকৃতিক পৰিবেশত বিলীন হ’বলৈ আমেৰিকা, জাৰ্মানী, ইংলেণ্ডৰ পৰা আহিছে পৰ্যটক। জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বন বিভাগে আজি পৰ্যটকৰ বাবে মুকলি কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই মন্ত্ৰী অতুল বৰা, জয়ন্ত মল্ল বৰুৱা আৰু কাজিৰঙাৰ বন বিষয়াৰ উপস্থিতিত মিহিৰমুখত পৰ্যটকৰ বাবে মুকলি কৰে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান। বানত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে কাজিৰঙাৰ চাৰিখন ৰেনজৰ মাত্ৰ দুখন ৰেনজ পৰ্যটকৰ বাবে মুকলি কৰা হয়। বৰ্তমানেও কাজিৰঙাৰ ভিতৰচুহাত পানী থকাৰ বাবে কঁহৰা আৰু বাগৰি ৰেঞ্জৰ কিছু অংশহে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে যদিও সম্পূৰ্ণৰূপে পানী শুকুৱাৰ পিছত কাজিৰঙাৰ অন্যান্য অংশবোৰ পৰ্যটকৰ কাৰণে মুকলি কৰা হ’ব। দেশী-বিদেশী পৰ্যটকৰ লগতে বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু কৃষিমন্ত্ৰীয়ে হাতীৰ পিঠিত উঠি কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰে।