নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৬ জুন : অৱশেষত অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল শ্বহীদ সুনীল কলিতাৰ পত্নীক ফেচবুকত অসমাজিক মন্তব্য কৰা শ্বাহীল আব্বাছ । কাশ্মীৰৰ পৰা কমলপুৰ আৰক্ষীয়ে শ্বাহিল আব্বাছক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ছ’চিয়েল মিডিয়াত শ্বাহিল আব্বাছ নামৰ লোকজনে কৰা মন্তব্যক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল , বিভিন্ন দল-সংগঠনে লোকজনক গ্ৰেপ্তাৰৰো দাবী তুলিছিল লগতে কেইবাখনো আৰক্ষী থানাত গ্ৰেপ্তাৰৰ বাবে দিয়া হৈছিল এজাহাৰ । ইয়াৰ পাছতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আব্বাছক ।

উল্লেখযোগ্য যে ২৮ মে’ত ঝাৰখণ্ডত মাওবাদী আই ই ডি বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ দিল্লীৰ এইমছত চিকিৎসাধীন হৈ আছিল সুনীল কলিতা আৰু চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল বীৰ জোৱানজনৰ।

কমলপুৰৰ সুনিল কলিতাই মাত্ৰ দুমাহ পূৰ্বে নিজৰ বৈবাহিক জীৱন আৰম্ভ কৰিছিল। চি আৰ পি এফৰ ২০৯নং কোব্ৰা ৰেজিমেণ্টৰ জোৱান আছিল শ্বহীদ সুনীল কলিতা । শ্বহীদ সুনীল কলিতাৰ অন্তেষ্টিক্ৰিয়া সম্পূৰ্ণ নহওঁতেই তেখেতৰ পত্নীক লৈ ফেচবুকত এক অশ্লীল, অসমাজিক মন্তব্য কৰিছিল এইজন শ্বাহীল আব্বাছে । কাশ্মীৰৰ পৰা আব্বাছক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত অসম আৰক্ষীৰ কঠোৰ ভূমিকাক ৰাজ্যৰ জনসাধাৰণে তীব্ৰ সঁহাৰি জনাইছে ।