গুৱাহাটী, সংবাদ ৩৬৫, ২৬ জুন : আজি পুৱা ৫.১৫ বজাত কামাখ্যা মন্দিৰৰ দ্বাৰ মুকলি হ’ল । অম্বুবাচী মেলাৰ সময়ত মন্দিৰৰ মুখ্যদ্বাৰ তিনিদিনৰ বাবে বন্ধ থকাৰ পাছত”মা” ৰ দৰ্শনৰ বাবে আজি সম্পূৰ্ণ পৰস্পৰাগত নীতি-নিয়ম অনুসৰি মুখ্যদ্বাৰ খুলি দিয়া হয়। আজি পুৱাই ৰাজ্যপাল, মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীয়ে মন্দিৰ দৰ্শন কৰে ।

কামাখ্যা দেৱালয়ৰ বৰদলৈ মোহিত চন্দ্ৰ শৰ্মাই জনোৱা অনুসৰি আজি দিনৰ ২ বাজি ৪ মিনিট ২২ ছেকেণ্ডত দেৱীৰ নিবৃত্তি হ’ব।

মন্দিৰ দৰ্শন কৰি উঠি ৰাজ্যপালৰ মন্তব্য “মা কামাখ্যাৰ আশীৰ্বাদেৰে দ্ৰুত গতিত অসমৰ বিকাশ হওক।”

ইফালে শীঘ্ৰেই মন্দিৰলৈ যোৱা দ্বিতীয়টো বাট সম্পূৰ্ণ হ’ব বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় ” অসমৰ ১০০০ টা এশবছৰীয়া পুৰণি আধ্যাত্মিক অনুষ্ঠানলৈ অহা তিমিমাহৰ ভিতৰত মুকলি কৰি দিয়া হ’ব অনুদান”।