গুৱাহাটী, ২৬ ছেপ্টেম্বৰঃ বন সুৰক্ষা বাহিনীয়ে অভিযান চলাই গুৱাহাটীত এখন অবৈধ চেগুনভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷ প্ৰাপ্ত তথ্য মতে, নাগালেণ্ডৰ নামতোলাৰ পৰা গোৱালপাৰাৰ কৃষ্ণাই অভিমুখে যোৱাৰ সময়ত বন বিভাগৰ বিশেষ সুৰক্ষা বাহিনীয়ে ট্ৰাকখন জব্দ কৰে। বৰ্তমান ট্ৰাকখন ৰাণী বনাঞ্চলিক কাৰ্যালয়ত ৰখা হৈছে৷ জব্দ কৰা চেগুন কাঠখিনিৰ মূল্য প্ৰায় ১২ লাখৰ পৰা ১৫ লাখ হ’ব বুলি বন বিভাগে জানিবলৈ দিয়ে৷ ট্ৰাকখনৰ চালকে সদৰি কৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথৰ চেকগেটত আৰক্ষীয়ে মাত্ৰ ৫০০ পৰা ১০০০ টকাৰ লৈ অবৈধভাৱে সৰবৰাহ হৈ থকা কাঠভৰ্তি ট্ৰাকসমূহক প্ৰবেশৰ অনুমতি দিয়ে৷