খাদ্য প্রযুক্তি পাঠ্যক্রমত বৈজ্ঞানিক পদ্ধতিৰে খাদ্য প্রস্তুত, সংৰক্ষণ, গুণগত মান অটুট ৰখা আদি বিষয়ে অধ্যয়ন কৰা হয়৷ খাদ্য প্রযুক্তি পাঠ্যক্রমক কেৰিয়াৰ হিচাপে গ্রহণ কৰিব বিচাৰিলে শিক্ষাৰ্থীগৰাকীয়ে এই বিষয়ত চাৰ্টিফিকেট, ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ, পিএইচডি আদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে। বৰ্তমান যুগত খাদ্য প্রযুক্তি পাঠ্যক্রমৰ গুৰুত্ব বৃদ্ধি পাইছে৷ সভ্যতাৰ অগ্ৰগতিৰ লগে-লগে বিজ্ঞান সন্মত খাদ্য সেৱনৰ প্ৰতি মানুহ সচেতন হৈছে৷ কেন্দ্ৰীয় চৰকাৰেও বিজ্ঞান সন্মত খাদ্যৰ গুৰুত্ব উপলব্ধি কৰি বৈজ্ঞানিক পদ্ধতিৰে খাদ্য প্রস্তুত, সংৰক্ষণ, গুণগত মান অটুট ৰখা আদি বিষয় পাঠ্যক্ৰমৰ লগতে বিভিন্ন প্ৰশিক্ষণ, কৰ্মশালাৰ আয়োজন কৰিছে৷

শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি চৰকাৰী-বেচৰকাৰী খণ্ডৰ বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে । যেনে -ফুড টেকন’লজীষ্ট , ফুড ৰিচাৰ্ছ এনালিষ্ট ,ফুড ইনস্পেক্টৰ, মেনেজাৰ ৰিচাৰ্ছৰ, প্রডাক্ট ডেভেলপেণ্ট, কোৱালিটি এছিউৰ মেনেজাৰ, লেব’ৰেটৰী ছুপাৰভাইজাৰ, ফুড প্ৰচেছিং অপাৰেটৰ, ফুড পেকেজিং মেনেজাৰ, ফুড প্রচেছিং টেকনিছিয়ান আদিত খাদ্য প্রযুক্তি পাঠ্যক্রমধাৰীক অগ্ৰাধিকাৰ দিয়া হয়৷

এজন সফল খাদ্য প্রযুক্তিবিদ হ’বলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, ব্যক্তিজন অনুসন্ধিৎসু মন, নিষ্ঠাবান, সূক্ষ্মদৰ্শী, পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্রতি সচেতন, সাৱধানী, কষ্টসহিষ্ণুতা, সুন্দৰ নিৰীক্ষণ ক্ষমতা , দায়িত্ববোধ আদি থাকিব লাগিব৷

দেশৰ বিভিন্ন স্থানৰ লগতে অসমৰ ‘তেজপুৰ বিশ্ববিদ্যালয়ত খাদ্য বিভিন্ন পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব পৰা সুবিধা আছে । উদাহৰণস্বৰূপে- B. Tech. in Food Engineering and Technology, Integrated M. Tech. in Food Engineering and Technology, M. Tech. in Food Engineering and Technology আৰু Ph.D. in Food Processing Technology। এই পাঠ্যক্রমবোৰত নামভৰ্তিৰ সবিশেষ জানিবৰ বাবে শিক্ষাৰ্থীসকলে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৱেবচাইট (http://www.tezu.ernet.in/dfpt/) চাব পাৰে । অসমৰ বাহিৰৰ খাদ্য প্রযুক্তি পাঠ্যক্রমৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল – অন্ধ বিশ্ববিদ্যালয় (www.andhrauniversity.edu.in), আনন্দ কৃষি বিশ্ববিদ্যালয় (www.aau.in), এম এচ ইউনিভাৰ্চিটি অৱ বৰোডা(www.msubaroda.ac.in), এলাহাবাদ কৃষি প্রতিষ্ঠান (www.shiats.edu.in), কানপুৰ বিশ্ববিদ্যালয় (http://www.kanpuruniversity.org), কেন্দ্রীয় খাদ্য প্রযুক্তি গৱেষণা প্রতিষ্ঠান, মহীশূৰ (http://www.cftri.com), কলকতা বিশ্ববিদ্যালয় (http://www.caluniv.ac.in/), গুৰু নানক দেৱ বিশ্ববিদ্যালয় (www.gndu.ac.in), যাদবপুৰ বিশ্ববিদ্যালয় (www.jaduniv.edu.in), ড° বাবাচাহেব আম্বেদকাৰ মৰাথৱাদা বিশ্ববিদ্যালয় (www.bamu.net), তামিলনাডু কৃষি বিশ্ববিদ্যালয় (www.tnau.ac.in/), দিল্লী বিশ্ববিদ্যালয় (http://www.du.ac.in), নাগপুৰ বিশ্ববিদ্যালয় (http://www.nagpuruniversity.org), মাদ্রাছ বিশ্ববিদ্যালয় (www.unom.ac.in), মণিপুৰ বিশ্ববিদ্যালয় (http://en.manipuruniv.ac.in/), মুম্বাই বিশ্ববিদ্যালয়  (www.mu.ac.in), মহাত্মা গান্ধী বিশ্ববিদ্যালয় (http://www.mgu.ac.in), মহীশূৰ বিশ্ববিদ্যালয় (www.uni-mysore.ac.in), হিমাচল প্ৰদেশ কৃষি বিশ্ববিদ্যালয় (http://www.hillagric.ac.in) আদি৷