গুৱাহাটী, ২৯ ফেব্ৰুৱাৰী, ২০২৪ : পুনৰ কৃষক মুক্তিৰ (KMSS) নেতৃত্বত কা’ বিৰোধী আন্দোলনত কঁপিল ৰাজ্য। গুৱাহাটীৰ প্ৰতিবাদত অংশ লৈ কেন্দ্ৰীয় নেতৃত্বৰ ঘোষণা “আমি জাতিৰ স্বাৰ্থত মৃত্যু বৰণ কৰিবলৈ সাজু কিন্তু বিদেশীক সংস্থাপন কৰিবলৈ নিদিওঁ।” তিনিচুকীয়া, হাইলাকান্দি, গোলকগঞ্জ আদিত আৰক্ষীৰ সৈতে সমুখ সমৰত কৃষক মুক্তিৰ নেতা কৰ্মী। আটক কেইবাজনো নেতা। ৰাজ্যজুৰি ‘কা’ৰ বিৰুদ্ধে সম্ভাব্য আন্দোলন ৰোধ কৰিবলৈ গঢ়া আৰক্ষীৰ সমৰসজ্জা ভেদ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত অসমৰ বিভিন্ন প্ৰান্তত পুনৰ কা’ বিৰোধী আন্দোলনৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে সংগঠনটোৰ নেতা-কৰ্মীসকলে। ২০১৯ চনৰ ১২ ডিচেম্বৰ তাৰিখে সংখ্যাৰ জোৰেৰে সংসদত গৃহীত কৰা ‘কা’ বিধি অচিৰেই বলৱৎ হ’ব বুলি গৃহমন্ত্রী অমিত শ্বাহে ঘোষণাৰ পাছতেই পুনৰ ‘কা’ বিৰোধী আন্দোলনৰ উকমুকনি ঘটিছে ৰাজ্যজুৰি। সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপনৰ সময়ৰে পৰা এই আইনৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
২০২১ চনত সেই সময়ৰ কৃষক মুক্তিৰ মুখ্য উপদেষ্টা অখিল গগৈকে ধৰি কেন্দ্ৰীয়, জিলা আৰু বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীক কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। পুনৰ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে অচিৰেই ‘কা’ৰ বিধি বলৱৎ কৰা হ’ব বুলি ঘোষণা কৰাৰ পাছত বৃহস্পতিবাৰে পুনৰ ৰাজপথত নামি পৰিছে সংগঠনটোৰ নেতা কৰ্মীসকল। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত অসমৰ প্ৰায় কেইখন জিলাত নগৰৰ মাজজিয়াত সংগঠনটোৰ নেতা-কৰ্মীসকলে পুৱাৰে পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক মুক্তি সংগ্ৰাম সমতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱেন শৰ্মা, সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে, প্ৰচাৰ সম্পাদক পৃথিৰাজ দলেৰ নেতৃত্বত সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে কেন্দ্ৰীয় চৰকাৰে কা’ৰ বিধি বলৱৎ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আৰু নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ প্ৰত্যাহাৰ কৰাৰ দাবীত গুৱাহাটীৰ চচলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী নেতা-কৰ্মীসকলে বিভিন্ন দাবী সন্মিলিত প্লে কাৰ্ড লৈ কা’ আমি নামানো, কা’ আইন বাতিল কৰক, ধৰ্মৰ নামত বিদেশীক সংস্থাপন দিয়া বন্ধ কৰক, অসমীয়া মানুহে কা’ কেতিয়াও মানি নলয়, অসমীয়া ভাষাক নিঃশেষ কৰা এই আইন বাতিল কৰক, কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজক প্ৰতাৰণা কৰা নচলিব আদি বিভিন্ন শ্লোগানেৰে চচলৰ পৰিৱেশ উত্তাল কৰি তোলে। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ নেতৃত্বই কয় যে, অসমৰ ভাষা, সভ্যতা, কৃষ্টি, সংস্কৃতি তথা ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক অধিকাৰ খৰ্ব কৰি অসমীয়া জাতিটোক নিঃশেষ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাতিধ্বংসী কা’ আইন জাপি দিব বিচাৰিছে। আমাৰ স্পষ্ট কথা এই আইন কোনো কাৰণতে বলবৎ কৰিবলৈ দিয়া নহ’ব।আমি শ্বহীদ হ’বলৈ সাজু, কিন্তু কোনো কাৰণতে বিদেশীক সংস্থাপন কৰিবলৈ দিয়া নহ’ব। এই ক’লা আইন বাতিলৰ বাবে আগন্তুক দিনত আন্দোলন তীব্ৰতৰৰ পৰা অধিক তীব্ৰতৰ হ’ব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ নেতৃত্বই।
এই প্রতিবাদী কাৰ্যসূচীৰ শেষত ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ কা’ৰ বিধি বলৱৎ কৰণৰ বিৰুদ্ধে আৰু শীঘ্ৰে কা’ প্ৰত্যাহাৰৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। তিনিচুকীয়া জিলাত প্ৰতিবাদৰ নেতৃত্ব দিয়া কৃষক মুক্তিৰ জিলা সভাপতি মানৱ চেতিয়া, সম্পাদক বিমান গগৈ, ছাত্ৰ মুক্তিৰ জিলা সভাপতি উমানন্দ মুদৈ মৰাণ আৰু মুন দিহিঙীয়াক চহৰৰ মাজমজিয়াৰ থানা তিনিআলিৰ প্ৰতিবাদস্থলীৰ পৰা আটক কৰে। আৰক্ষীৰ সৈতে তীব্ৰ বাক যুদ্ধত লিপ্ত হোৱা নেতা কেইজনক বৰ্তমানলৈকে থানাত আবদ্ধ কৰি ৰাখিছে। শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিত কৃষক মুক্তিৰ মুখ্য সাংগঠনিক সম্পাদক ৰিতুমনি হাজৰিকাই নেতৃত্বত জিলা কাৰ্যসূচীত সভাপতি চিদানন্দ গগৈ, উপ-সভাপতি উমেশ চোলাধৰা, ছাত্ৰ মুক্তিৰ পল্লৱ শইকীয়া, অভিজিত চেতিয়া আৰু মঞ্জিত ভূঞাৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাট জিলাৰ আবৰ্ত ভৱনৰ সমুখত কৃষক মুক্তিৰ উপ-সভানেত্ৰী বিমলা গগৈ, জিলা সহকাৰী সম্পাদক হীৰক জ্যোতি শইকীয়া, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পিন্টু গগৈৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
নগাঁও জিলাৰ কৃষ্ণাইখাট ৰাষ্ট্ৰীয় ঘাই পথত জিলা সম্পাদক জিতেন বৰাৰ নেতৃত্বত গৃহমন্ত্ৰী অমৃত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদত সাব্যস্ত কৰা হয়। হোজাই জিলাতো প্ৰতিবাদ সাব্যস্ত কৰাৰ পূৰ্বে পুৱাই আৰক্ষীয়ে জিলা সমিতিৰ ছাইদুৰ ৰহমান আৰু কাচেম আলীক আটক কৰে। বৰাকৰ হাইলাকান্দি জিলাত পুৱাই প্ৰতিবাদ সাব্যস্ত কৰাৰ পূৰ্বে কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সহকাৰী সম্পাদক জহিৰউদ্দিন লস্কৰক আটক কৰে। বৰপেটা জিলাৰ কলগছিয়া ৰাজহ চক্ৰ বিভাগৰ কাৰ্যালয়ৰ সমুখত বৰপেটা জিলাৰ সভাপতি মঞ্জীত দাস, কাৰ্যকৰী সভাপতি আজমান আলীৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ধুবুৰী জিলাৰ গুলকগাঞ্জ চহৰত ৰাতুল ৰয়, ছাত্ৰ মুক্তিৰ আকিৰ খান আৰু চালাউদ্দিন শ্বেখক আৰক্ষীয়ে আটক কৰে। বিলাসীপৰাটো জিলা সভাপতি নাজিমূল হক, ছাত্ৰ মুক্তিৰ সভাপতি আখটাৰ হুছেইন নেতৃত্বত বিলাসীপাৰা সাহিত্য সভা ভৱনৰ সমুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।