কলগাছিয়া, ১৬ ছেপ্টেম্বৰঃ বৰপেটাৰ কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ কৃষক মুক্তিয়ে বিজেপি চৰকাৰ আৰু আৰএছএছ বিৰোধী বিভিন্ন শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে অখিল গগৈয়ে জাতি মাটি ভেটিৰ স্বাৰ্থত প্ৰয়োজনত হাতত একে ৪৭ তুলি ল’ব বুলি কোৱা কথাত অন্যায় আৰু অমানৱীয় ভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ কৰে৷ লগতে বিজেপি চৰকাৰৰ সহযোগত আৰ এছএছেমুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণ লোৱাটো এক অপৰাধ বুলি উল্লেখ কৰি আৰএছএছক দেশদ্ৰোহী ঘোষণা কৰি গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে৷ প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰে বিনাচৰ্তে অখিল গগৈক মুক্তি নিদিলে সমগ্ৰ অসমতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৃন্দই হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ দিয়ে। কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰএছএছৰ অস্ত্ৰ প্ৰশিক্ষণ বন্ধ কৰা, আৰএছএছক নিষিদ্ধ ঘোষণা কৰা, কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়া, অতি শীঘ্ৰে শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰা আৰু গৰাখহনীয়া আৰু বানপানীৰ সমস্যা বিজ্ঞান সন্মতভাৱে স্থায়ী সমাধানৰ ব্যৱস্থা কৰাৰ পাঁচদফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ  চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷