গুৱাহাটী, সংবাদ ৩৬৫, ৭ জুন : গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ নিৰ্বাচিত মুঠ ৯ টা গীতৰ সংমিশ্ৰণেৰে কবিজনাৰ গীতসমূহ স্থায়ীভাৱে সংৰক্ষণ আৰু প্ৰসাৰ কৰাৰ মানসেৰে “কোনে ডাৱৰে ডাৱৰে” শ্ৰৱ্য চিডিখন প্ৰস্তুত কৰি গীতিকবিজনাৰ স্মৃতি দিৱসৰ দিনাই আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰণতি বৰুৱাই।
চিডি এলবামটোৰ পৰিকল্পনা, পৰিচালনা আৰু কণ্ঠ দান কৰিছে প্ৰণতি বৰুৱাই। সহ-কন্ঠশিল্পী – প্ৰশান্ত ৰাজখোৱা , সংগীত ব্যৱস্থাপনা – নন্দ বেনাৰ্জী, ৰূপম তালুকদাৰ, প্ৰাঞ্জল বৰা, প্ৰযোজনা কৰিছে পাৰিজাত প্ৰডাকচন, গুৱাহাটী।
উল্লেখযোগ্য যে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ সংগীত নিপুণ, আকাশবাণী ডিব্রুগড় কেন্দ্রৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী প্ৰণতি বৰুৱাই অসমৰ বিভিন্ন ঠাইৰ উপৰি অসমৰ বাহিৰতো সংগীত পৰিবেশন কৰিছে।